তলাবন্ধৰ সময়ছোৱাত দেশৰ প্ৰব্রজিত শ্ৰমিকসকলক সহায়ৰ হাত আগবঢ়াই সকলোৰে বহুল প্ৰশংসা লাভ কৰা বলিউডৰ অভিনেতা ছনু সুদে আকৌ এবাৰ এজন বিপদগ্ৰস্ত অভিনেতাক সহায় আগবঢ়ালে । এইবাৰ বলিউডৰ ‘মুন্নাভাই এম বি বি এছ ‘ খ্যাত অভিনেতা সুৰেন্দ্ৰ ৰাজনক বিত্তীয় সাহায্য প্ৰদান কৰিলে ছনুৱে । তলাবন্ধৰ দীঘলীয়া সময়ছোৱাত মুম্বাইত আবদ্ধ হৈ পৰা অভিনেতা ৰাজন অৰ্থৰ অভাৱত ভুগিছিল ।
মুম্বাইলৈ ৱেব ছিৰিজৰ দৃশ্যগ্ৰহণত অংশ ল’বলৈ আহি ৰাজন এইদৰে দীৰ্ঘদিন আবদ্ধ হৈ থাকে । ৰাজনৰ বিপদৰ খবৰ লাভৰ পাছতে ছনুৱে বিত্তীয় সাহায্য আগবঢ়োৱাৰ লগতে ১৮ জনৰ ভিতৰত অভিনেতাজনক তেওঁৰ গৃহ চহৰ চাটনালৈ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । উল্লেখ্য যে ৰাজনে, ‘মুন্নাভাই এম বি বি এছ’ ছবিখনত মাছুদ নামৰ চাফাইকৰ্মী চৰিত্ৰত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল।