চেতন ভগতৰ এটা টুইট

arjunsushant 1592998076

সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ পিছত সমগ্ৰ বলীউডৰ বিৰুদ্ধে সকলো অনুৰাগীয়ে “নেপ’টিজম”কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৷ সুশান্তৰ হাতৰ পৰা একেৰাহে সাতখনকৈ ছবি গুচি যোৱাৰ বাবে অভিনেতাগৰাকী হতাশাত ভূগি আত্মহত্যাৰ পথ বাচি লৈছিল বুলি একাংশই অভিযোগ কৰিছে ৷ইয়াৰ মাজতে চেতন ভগতৰ এটি পুৰণি প’ষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত ৰোষত পৰিছে বলীউড । এই প’ষ্টটোত “হাফ গাৰ্লফ্ৰেণ্ড”ছবিৰ কাৰণে সুশান্ত নিৰ্বাচিত হোৱাৰ কথা প্ৰকাশ কৰিছিল চেতন ভগতে ৷ পিছে চেতন ভগতৰ এই প’ষ্টটো ভাইৰেল হোৱাৰ পিছতে সমালোচনাকাৰীসকলৰ কেন্দ্ৰ হৈ পৰিছে অৰ্জুন কাপুৰ ৷

২০১৭ ত মুক্তি লাভ কৰিছিল অৰ্জুন কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ ছবি হাফ গাৰ্লফ্ৰেণ্ড ৷এই ছবিখন চেতন ভগতৰ গ্ৰন্থ “হাফ গাৰ্লফ্ৰেণ্ড”ৰ ওপৰত আধাৰিত ৷ কিন্তু সুশান্তৰ আত্মহত্যাৰ পিছতে সম্প্ৰতি চেতন ভগতে ২০১৫ বৰ্ষতে কৰা টুইট ভাইৰেল হৈ পৰিছে ।টুইটটোত চেতন ভগতে লিখিছিল “মই ক’বলৈ পায় সুখী হৈছো যে মোহিত চুৰিৰ নিৰ্দেশনাৰে হাফ গাৰ্লফ্ৰেণ্ডত সুশান্ত সিং ৰাজপুতে অভিনয় কৰিব ৷ ছবিখনৰ দৃশ্যগ্ৰহণ ২০১৬ ৰ পৰা আৰম্ভ হ’ব ৷”ইপিনে চেতন ভগতৰ এই প’ষ্টটো ভাইৰেল হোৱাৰ পিছতেই সমালোচনাকাৰী সকলে তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লৈছে অৰ্জুন কাপুৰক। একাংশই কৈছে যে ষ্টাৰকিড হোৱাৰ কাৰণে অৰ্জুনে একেৰাহে ছবি লাভ কৰিছে। আন এজনে কৈছে” হাফ গাৰ্লফ্ৰেণ্ডত সুশান্তৰ দৰে প্ৰতিভাৱান অভিনেতাক আঁতৰাই নেপ’টিজমৰ প্ৰডাক্টক ল’লে ৷আমি নেপ’টিজম আৰু বলীউডৰ এই ধাৰাক সহজে এৰি নিদিও ৷অন্যথা আমি সুশান্তৰ দৰে আৰু হীৰাক হেৰুৱাম৷ আন এগৰাকীয়ে অৰ্জুন কাপুৰৰ এখন ফ’টো শ্বেয়াৰ কৰি লিখে”ষ্টাৰ কিডে কেৱল ওজন কমায়ে বলীউডত ষ্ট্ৰাগ’ল কৰা বুলি কয় ৷”

সদ্যহতে সুশান্ত সিং ৰাজপুতৰ অনুৰাগীসকলে পুৰণি প’ষ্ট শ্বেয়াৰ কৰি একাধিকবাৰ সুশান্তক ছবিপৰা বহিস্কাৰ কৰা প্ৰসংগত ক্ষুদ্ধ হৈ আছে ৷ ফিতুৰ,বেফিক্ৰে,হাফ গাৰ্লফ্ৰেণ্ড,ৰাম লীলা আদি বহু ছবি হেৰুৱাই মানসিকভাৱে ভাগি পৰিছিল সুশান্ত ৷ যাৰ কাৰণে অৱশেষত সকলোকে সচকিত কৰি আত্মহত্যাৰ সিদ্ধান্ত লৈছিল অভিনেতাজনে ।কিন্তু সুশান্তে আত্মহত্যা কৰিলে নে? অভিনেতাগৰাকীক হত্যা কৰা হ’ল ৷সেই সম্পৰ্কত এতিয়াও অনুৰাগীৰ মনত সন্দেহ ঘনীভূত হৈ আছে। যাৰ কাৰণে সকলোৱে সম্প্ৰতি সুশান্তৰ হত্যা বা আত্মহত্যাৰ উচিত তদন্ত হোৱাটো বিচাৰিছে।

Exit mobile version