- মহানগৰীত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ ৷
- ইয়াৰ মাজতে স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷
- মন্ত্ৰী গৰাকীৰ মন্তব্য “কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য কৰি মণিৰাম দেৱান ট্ৰেড চেন্টাৰক নতুনকৈ গঢ়ি তোলা হ’ব কৰ’না চিকিৎসালয় হিচাপে ৷”
- এইবাৰ গুৱাহাটীবাসীয়ে নিষ্ঠা সহকাৰে মানি চলিছে তলাবন্ধ ৷
- ক্ৰমে জটিল হৈ পৰিছে মহানগৰীৰ পৰিস্থিতি ৷
- আজিৰ দিনটোত ১৫৭ টা কৰ’না পজিটিভ পোৱা গৈছে ৷
- ২৪ জুনৰ পৰা আজিলৈকে প্ৰায় ১৪০০ ৰোগী পোৱা গৈছে ৷
- সম্প্ৰতি চলি আছে ভেকচিন প্ৰস্তুতৰ কাম ৷
- আৰএমআৰচি লাহোৱালে সফলতা লাভ কৰিছে ৷
- ইফালে প্ৰতিদিনে ১০ হাজাৰ পৰীক্ষা কৰিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
ADVERTISEMENT