ৰাজস্থানৰ আশোক গেহলট চৰকাৰৰ বিৰুদ্ধাচৰণ কৰি বিদ্ৰোহী নেতা শচীন পাইলট সহ আন বিদ্ৰোহী কংগ্ৰেছে আজি ৰাজস্থান উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় । ৰাজস্থানত কংগ্ৰেছৰ নাটকীয় সংকটৰ পৰিপ্ৰেক্ষিতত দলীয় বিধায়কক খাৰিজৰ পদক্ষেপৰ বিৰুদ্ধে শচীন সহ সংগীবৃন্দ আদালতৰ ওচৰ চাপে ৷ কংগ্ৰেছৰ সূত্ৰত প্ৰকাশ যে এতিয়া আৰু শচীনৰ দললৈ প্ৰত্যাৱৰ্তনৰ কোনো অৱকাশ নাথাকিল । ইতিমধ্যে ৰাজস্থানৰ বিধানসভাৰ অধ্যক্ষ চি পি যোশীয়ে শচীন বাহিনীক দল বিৰোধী কাৰ্যকলাপ ত্যাগ কৰিবলৈ কয় ৷ অন্যথা বিধায়কৰ পদ খাৰিজ কৰিব বুলি কয় ৷
কংগ্ৰেছে এছ এম এচ, হোৱাটএপৰ ওপৰিও তেওঁলোকৰ ঘৰৰ বাহিৰত জাননী আৰি থৈ আহে ৷ যদিহে বিদ্ৰোহী বিধায়কক খাৰিজ কৰা হয় তেন্তে গেহলটৰ বাবে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাটো সহজ হৈ পৰিছে ইয়াৰ মাজতে কালি শচীনে দোহিৰে যে তেওঁ বিজেপিত যোগদান নকৰে ৷ লগতে এই পৰ্যন্ত শচীনে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ লগতো বাৰ্তালাপৰ চেষ্টা চলোৱা নাই ।