আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিয়ে অসম গণ পৰিষদক এৰি দিব লাগিব ৪০ টা সমষ্টি ৷ মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি আৰু সৰ্বোপৰি জয়ৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি অগপই উক্ত ৪০ টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৷ তাৰ ভিতৰত বৰ্তমানৰ বিধায়ক থকা সমষ্টিকেইটা থাকিবই লাগিব বুলি অজপই দৃঢ় স্থিতি গ্ৰহণ কৰে ৷
উল্লেখযোগ্য যে অহা ২৭ আগষ্টত সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হ’ব ৷ তাৰ পূৰ্বে ৰাজ্যিক মুখ্য কাৰ্যালয়ত ৰাজ্যিক নেতৃত্বৰ লগত দলৰ সাংগঠনিক জিলাবোৰৰ সভাপতি আৰু সম্পাদক সকলৰ এখন সভা অনুষ্ঠিত হয় । সভাপতি অতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত সভাখনত নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতিৰ অংশ হিচাপে দলে বিজেপিৰ লগত মিত্ৰতা অব্যাহত ৰখা বিষয়টোৰ সমান্তৰালকৈ ৪০ টা সমষ্টিৰ ক্ষেত্ৰত দৃঢ় স্থিতি গ্ৰহণ কৰে ।
এই সন্দৰ্ভত উল্লেখ কৰা হয় যে ১৯৮৫ ৰ পৰা অগপই ৮০ টা ভিন্ন সমষ্টিত জয়লাভ কৰিছে ৷ অৱশ্যে সেই আটাইবোৰত দলৰ প্ৰভাৱ বৰ্তমান শক্তিশালী ৰূপত নাই । কিন্তু তাৰ কমেও ৪০ টাত জিকিব পৰাকৈ এতিয়াও দল যথেষ্ট শক্তিশালী ৷ বৈঠকত এই কথাও উল্লেখ কৰা হয় যে উক্ত ৪০ টাৰ বহুকেইটাত বিজেপিৰ সংগঠন শক্তিশালী নহয় ৷ সেয়েহে অগপই এই আটাইকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তাৰ বাবে প্ৰাৰ্থিত্বকেন্দ্ৰিক তৎপৰতাও অব্যাহত আছে ৷
প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ২০১৬ ত বিজেপিয়ে অগপক ২৪ টা সমষ্টি এৰি দিছিল ৷তাৰ বাবে ১৪ টাত দলটোৱে বিজয় সাব্যস্ত কৰে। আনহাতে দলটোৰ সভাপতি অতুল বৰাৰ মন্তব্য যে অগপৰ জিলা সভাপতি আৰু সম্পাদকসকলৰ লগত দলৰ ভৱিষ্যত কৰ্মপন্থা সন্দৰ্ভত কেতবোৰ আলোচনা কৰা হয় ।
তাত প্ৰতিজন বিষয়ববীয়াই আগবঢ়োৱা পৰামৰ্শৱলী গ্ৰহণ কৰা হয় । কমলা কলিতাই কয় যে সাধাৰণ পৰিষদৰ সভাৰ পাছতে অগপত বিভিন্ন ক্ষেত্ৰৰ বহু উল্লেখযোগ্য ব্যক্তিয়ে যোগদান কৰিব ৷ তাৰ ভিতৰত সাহিত্য সভাৰ বহু বিতৰ্কিত প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীও আছে।