কৃষি বিধেয়কক লৈ ৰাজসভাৰ পৰা আঠজনকৈ সাংসদক নিলম্বন কৰাৰ পাছতে চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা কৰিছে মমতা বেনাৰ্জীয়ে ৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইট কৰি কয়, “আঠজন সাংসদক নিলম্বন কৰা কথাটো অতিশয় দুৰ্ভাগ্যজনক । এইয়া চৰকাৰৰ অসংবেদনশীল কাৰ্যকলাপ ৷ ইয়াৰ পৰা প্ৰমাণ হয় চৰকাৰে গণতন্ত্ৰৰ ওপৰত বিশ্বাস নাৰাখে । আমি সংসদৰ লগতে পথটো ইয়াৰ বিৰুদ্ধে যুঁজ কৰি যাম ৷”
উল্লেখযোগ্য যে, কৃষি বিধেয়কক লৈ ৰাজ্যসভাত সৃষ্টি কৰা উত্তপ্ত পৰিবেশৰ পৰিপ্ৰেক্ষিতত তৃণমূল কংগ্ৰেছৰ ডেৰেক অ’ ব্ৰায়নৰ সহিতে সাতজন বিৰোধী সাংসদক আজি নিলম্বন কৰা হয় ৷
আনহাতে যিসকল সাংসদক নিলম্বন কৰা হ’ল তেওঁলোকৰ ভিতৰত আছে তৃণমূল সাংসদ ডেৰেক অ’ ব্ৰায়ন, সঞ্জয় সিং, ডোলা সেন, ৰাজীৱ চাটব, ৰিপুন বৰা আদি ।
এই সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতি ভেংকয়া নাইডুয়ে কয়, “কালি যি ঘটনা সংঘটিত হ’ল তাক লৈ মই দুখ প্ৰকাশ কৰিছো । একাংশ সদস্যই উপসভাপতিৰ কাগজ ফালি পেলায় ৷ উপসভাপতিৰ মতে অশ্লীল শব্দও কয় ৷”
নাইডুয়ে লগতে কয় যে সংসদৰ মাইকক ভঙাটো নিন্দাজনক ঘটনা ৷ ইপিনে ইয়াৰ পূৰ্বে এক বিশেষ সূত্ৰৰ মতে পোৱা তথ্য অনুসৰি চৰকাৰে ৰাজ্যসভাত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা সকলৰ বিৰুদ্ধে ২৫৬ৰ আধাৰত তদন্ত কৰিব পাৰে ৷
আনহাতে দেওবাৰে বিৰোধীৰ একাংশ সাংসদে সংসদত চৰকাৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ সঞ্জয় সিং আৰু ৰাজীৱ চাটবে অধ্যক্ষৰ সন্মুখতে টেবুলতে উঠি যায় । ডেৰেক অ’ ব্ৰায়নে সংসদৰ নীতি-নিয়ম উলংঘা কৰে ।
একাংশ সাংসদে আসনত লগোৱা মাইক ভাঙি দিয়ে ৷ একাংশই আকৌ কৃষক বিধেয়ক ফালি পেলায় । ইয়াৰ পিছতে এইসকল সাংসদৰ বিৰুদ্ধে চৰকাৰ সৰৱ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে ।