কৰ’না ভাইৰাছ সংক্ৰমণৰ পাছত বিভিন্ন বিষয়াৰ দ্বাৰা জাৰি কৰা আদেশৰ পাছতো চলিত বৰ্ষৰ মাৰ্চত তবলিগী জামাতে আয়োজন কৰা কাৰ্যসূচীৰ দ্বাৰা বহু লোক কৰ’না ভাইৰাছত আক্ৰান্ত হয় । আজি এই সন্দৰ্ভত চৰকাৰে সংসদত সদৰী কৰে এই তথ্য ৷
কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কৃষাণ ৰেড্ডীয়ে ৰাজ্যসভাত লিখিত ভাৱে কয়, “দিল্লী আৰক্ষীৰ ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা নিৰ্দেশনাৰ পাছতো মাস্ক পৰিধান নকৰাকৈ, চেনিটাইজাৰ ব্যৱহাৰ নকৰি আৰু সামাজিক দূৰত্ব বৰ্তাই নাৰাখি বহু লোক একত্ৰিত হৈছিল । ইয়াৰ কাৰণে বহু লোক কৰ’নাত আক্ৰান্ত হয় ।”
দিল্লীত নিজামুদ্দিন মাৰ্কাজত তবলিগী জামানতৰ ফালৰ পৰা আয়োজন কৰা ধাৰ্মিক কাৰ্যসূচীত বিভিন্ন ৰাজ্যত হাজাৰ হাজাৰ লোক কৰ’নাত আক্ৰান্ত হৈছিল । ইয়াৰ দ্বাৰা তবলিগী জামাতত অংশ লোৱা লোকসকলৰ উপৰিও তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোক সকলো কৰ’নাত আক্ৰান্ত হৈছিল ।
অন্যহাতে এই সন্দৰ্ভত গৃহমন্ত্ৰণালয়ে কয় যে, দিল্লী আৰক্ষীয়ে ২৯ মাৰ্চত তবলিগী জামাতৰ অনুষ্ঠান হোৱা ঠাইৰ পৰা ২,৩৬১ জন লোকক উদ্ধাৰ কৰে । গৃহ ৰাজ্যমন্ত্ৰীয়ে কয় যে দিল্লী আৰক্ষীয়ে জামাতৰ ২৩৩ জন লোকক গ্ৰেপ্তাৰ কৰে । অৱশ্যে তবলিগি জামাতৰ মুখ্য মৌলানা চাদৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে ৷
দিল্লী আৰক্ষীয়ে ৩৬ খন দেশৰ ৯৫৬ জন বিদেশী নাগৰিকৰ বিৰুদ্ধে এতিয়ালৈকে ৫৯ অভিযোগ পত্ৰ দাখিল কৰে । কেন্দ্ৰীয় চৰকাৰে জামাতত অংশ লোৱা বিদেশী নাগৰিকক ভিছা বাতিল কৰে আৰু তেওঁলোকক ব্লেকলিষ্টেডৰ তালিকাত অন্তৰ্ভুক্ত কৰে ৷