অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰ স্মৃতি বিজড়িত ভবানীপুৰ সমষ্টি কোনো কাৰণতে বিজেপিক এৰি দিয়া নহ’ব৷এই মন্তব্য ভবানীপুৰ সমষ্টিৰ অগপ নেতা বিপুল কৃষ্ণ দাসৰ ৷লগতে মিত্ৰজোঁটে ভবানীপুৰ সমষ্টিত জয়ী হোৱাৰ কোনো আশা নাই বুলি প্ৰকাশ কৰে অগপৰ নেতা বিপুল কৃষ্ণ দাসে৷ আজি ভবানীপুৰ সমষ্টিৰ পুঠিমাৰীত হোৱা অগপৰ বিধান পৰিষদৰ সভাত এই সিদ্ধান্ত কৰা হয় ৷
ভবানীপুৰ সমষ্টিৰ পুঠিমাৰীত প্ৰাক্তন অগপ বিধায়ক তথা অগপৰ বজালীৰ জিলা সমিতিৰ সভাপতি মনোৰঞ্জন দাসৰ সভাপতিত্বত হোৱা এই বৈঠকত অগপ নেতা প্ৰাণজিৎ দাস, মৃণাল কলিতা, যোগেন বৰ্মন, শৰৎ ডেকা, ফনি শৰ্মাকে ধৰি বিধান পৰিষদৰ ৭২ গৰাকী নেতা কৰ্মীয়েই নিজৰ স্থিতিত অটল থাকে৷তাৎপৰ্যপূৰ্ণভাৱে বিগত বিধান সভা নিৰ্বাচনত বিজেপিৰ মনোজ বৰুৱাই ভবানীপুৰত প্ৰাৰ্থিত্ব লাভ কৰি নিৰ্বাচন খেলিছিল যদিও তেওঁ বিফল হৈছিল৷
আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসৰ নাম উত্থাপিত হৈছে ভবানীপুৰত ৷ আনহাতে সাম্প্ৰতিক সময়ত অধিক সময় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীক অধিক তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে ভবানীপুৰ সমষ্টিত ইপিনে বজালী অগপৰ সভাপতি তথা প্ৰাক্তন অগপ বিধায়ক মনোৰঞ্জন দাসে হুংকাৰ দি কয় “যোৱাবাৰ যি হ’ল হ’ল ৷
এইবাৰ কোনো কাৰণতে বিজেপিক আসন এৰি দিয়া ন’হব৷”ইতিমধ্যে অগপ নেতৃত্বক এই বিষয় সন্দৰ্ভত স্মাৰক পত্ৰ দিয়া হৈছে বুলি আজি জানিবলৈ দিয়ে সংবাদ মাধ্যমক৷
উল্লেখযোগ্য যে বিগত দুটা বছৰ ভবানীপুৰ সমষ্টি এ আই ইউ ডি এফ ৰ দখলত আছিল যদিও এইবাৰ কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতাৰ পৰিণতিত পৰিস্থিতি আৰু অধিক শক্তিশালী হৈছে৷ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যে আগন্তুক নিৰ্বাচনত অগপ-বিজেপি মিত্ৰজোঁটে বিসম্বাদৰ নামত ভবানীপুৰত অভাৱনীয় পৰিস্থিতিৰ যে সৃষ্টি কৰিব সেয়া নিশ্চিত l