■ জম্মু কাশ্মীৰৰ কুলগাম জিলাত বৃহস্পতিবাৰে সংঘটিত এক সন্ত্ৰাসবাদীৰ আক্ৰমণত স্থানীয় যুৱ শাখাৰ এজন নেতাসহ তিনিজন বিজেপি কর্মী নিহত হয় ।
■ গাড়ীত যাত্ৰা কৰি থকাৰ সময়তে ৱাইক পুৰাৰ এটা স্থানত সন্ত্ৰাসবাদীয়ে তেওঁলোকক লক্ষ্য কৰি গুলিচালনা কৰে।
■ প্ৰাথমিক তদন্ত পৰা পোৱা তথ্য অনুসৰি, নিহত বিজেপি কৰ্মী কেইজন ফিদা হুছেইন য়াটু, উমৰ ৰছিদ বেইগ আৰু উমৰ ৰমজান হাজাম ।
■ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ এক পোষ্ট শ্বেয়াৰ কৰি তিনি কৰ্মীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।
I condemn the killing of 3 of our young Karyakartas. They were bright youngsters doing excellent work in J&K. My thoughts are with their families in this time of grief. May their souls rest in peace. https://t.co/uSfsUP3n3W
— Narendra Modi (@narendramodi) October 29, 2020
■ নেচনেল কণফাৰেন্সৰ প্ৰধান নেতা ওমৰ আব্দুল্লাই ঘটনাক তীব্ৰ গৰিহণা দিছে।
Terrible news from Kulgam district of South Kashmir. I unequivocally condemn the targeted killing of the 3 BJP workers in a terror attack. May Allah grant them place in Jannat & may their families find strength during this difficult time.
— Omar Abdullah (@OmarAbdullah) October 29, 2020