আমেৰিকা নিৰ্বাচনত প্ৰথম মহিলা উপ ৰাষ্ট্ৰপতি হিচাপে জয় লাভ কৰাৰ পিছত কমলা হেৰিছে শনিবাৰে বিজয়ী ভাষণত মহিলাসকলক উদ্দেশ্যি কয় যে, এয়াই শেষ নহয় । যদিও মই এই কাৰ্যালয়ত প্ৰথম মহিলা হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিম, এয়া ময়েই অন্তিমগৰাকী নহ’ম ।
হেৰিছে ব্যৱস্থিত বৰ্ণবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰতিজ্ঞা কৰিছিল। বাইডেনৰ দৰে একতা সমন্বয়ত অধিক গুৰুত্ব দি হেৰিছে কয় এনে এজন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হৈছে, যিয়ে আমাক সৰ্বশ্ৰেষ্ঠ ভাৱে প্ৰতিনিধিত্ব কৰিব ।
আনহাতে, হেৰিছে মাতৃ শ্যামলা গোপালনক স্মৰণ কৰি কয়, সম্ভৱত তেঁও এই মুহূৰ্তৰ কথা কল্পনাই কৰা নাছিল । কিন্তু তেওঁ ইমান গভীৰভাৱে আমেৰিকাক বিশ্বাস কৰিছিল যে, য’ত এনে এটা মুহূৰ্ত সম্ভৱ । সেয়ে মই তেঁওৰ বিষয়ে আৰু কৃষ্ণাংগ বৰ্ণ, এছিয়ান, বগা, লেটিনা আৰু নেটিভ আমেৰিকান মহিলাৰ প্ৰজন্মৰ বিষয়ে চিন্তা কৰিছোঁ ।
উল্লেখ্য যে, ভাৰতীয় বংশোদ্ভৱৰ প্ৰথম মহিলা উপৰাষ্ট্রপতি কমলা হেৰিছৰ মাতৃ ১৯ বছৰ বয়সতে ভাৰত এৰি আহিছিল আৰু ২০০৯ত মৃত্যু হৈছিল।