দ্বিতীয় বিশ্বযুদ্ধত শত্ৰুৰ হাতৰ পৰা ৰক্ষা পাবলৈকে বাসগৃহৰ তলত নির্মাণ কৰা হৈছিল এটা বাংকাৰ। সেই বাংকাৰ নিৰ্মাণ কৰা হৈছিল বাসগৃহৰ লনৰ তলতে। কিন্তু বিগত ৪০ বছৰৰাে অধিক কাল ধৰি এই বাংকাৰটো সকলােৰে বাবে অজ্ঞাত হৈয়েই আছিল।অৱশেষত বাসগৃহটোৰ তত্ত্বাৱধায়কে এই ঐতিহাসিক বাংকাৰটো আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। মেনহ’ল বুলি ভাবি তাৰ প্ৰৱেশ পথ পৰীক্ষা কৰােতে তেওঁৰ দৃষ্টিত পৰে বাংকাৰটো।
অৱশ্যে ইয়াৰ সন্ধান লাভতে তেওঁ থমকি নৰ’ল। তাতেই তেওঁ নির্মাণ কৰিলে এখন পানশালা। এই ঘটনা ঘটিছে ব্রিটেইনৰ ওলভাৰহেম্পটনত। প্রাপ্ত তথ্য অনুসৰি, ১৯২০ত উক্ত বাসগৃহটো নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পাছত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শত্ৰু দেশৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ তৎকালীন গৰাকীজনে বাসগৃহৰ তলতে এই বাংকাৰটো নির্মাণ কৰিছিল। অতি গােপনে নির্মাণ কৰা বাংকাৰটোৰ সম্পর্কে তেওঁ কাকো অৱগত কৰা নাছিল।
আনকি পৰৱৰ্তী সময়ত বাসগৃহটো বিক্ৰী কৰাৰ সময়তাে তেওঁ নতুন গৰাকীক এই বিষয়ে একো নজনালে। ফলত বাংকাৰৰ বিষয়টো সকলােৰে বাবে অজ্ঞাত হৈয়ে ৰয়। সেই নতুন গৰাকীজনেই ভাৰতীয় বংশােদ্ভৱ যুৱক খাণ্ডু পেটেলক ঘটোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়ে। পেটেলে নিজেও দীর্ঘদিন ধৰি চোৱা-চিত্ৰা কৰি আছিল যদিও এই বিষয়ত জ্ঞাত হােৱা নাছিল। অৱশেষত তলাবন্ধৰ সময়তে এদিন মেনহ’লৰ ঢাকনি বুলি ভাবি তাৰ মুখখন পৰিষ্কাৰ কৰিবলৈ লওঁতে পেটেলে বাংকাৰটোৰ সন্ধান পায়। বাংকাৰটো দেখি পেটেল ইমানেই উৎসাহিত হৈ পৰে যে বন্ধুসকলৰ সহায়ত তেওঁ তাত এখন পানশালাই স্থাপন কৰিলে।
এই সন্দৰ্ভত এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত পেটেলে কয়, মই প্রায়েই ভাবিছিলাে যে এই মেনহ’লৰ ঢাকনিখন ইয়াত কিয় আছে? তলাবন্ধৰ সময়ত মই আৰু মােৰ এজন বন্ধুৱে সেইখন দাঙি আনাে। তেতিয়াই দেখিলাে যে সম্পূর্ণ স্থান কংক্রিটৰে ঢকা। সন্দেহ হােৱাত মুখখন খান্দিলাে। তেতিয়াই এটা খটখটী চকুত পৰে। তললৈ নামি গৈ গােটেইখিনি দেখিয়ে অবাক হৈ পৰাে। ইয়াৰ পাছত বাংকাৰটো পৰিষ্কাৰ কৰি নতুনকৈ ৰং দি পেটেলে তাত পানশালা নির্মাণ কৰে।