সংৰক্ষণ কাৰ্যত গাঁওবাসীক সংযুক্ত কৰা, অৰণ্যৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ বিকল্প জীৱিকাৰ ব্যৱস্থা কৰা, সামাজিক সচেতনতা বৃদ্ধি, জীৱ-জন্তুৰ নিৰাপত্তা নিশ্চিত কৰা আৰু বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰ মূলতঃ এই পাঁচটা পদক্ষেপৰ সফল ৰূপায়নৰ বাবেই মানাহত ন বছৰৰ ভিতৰতে বাঘৰ সংখ্যা পাঁচ গুণ বৃদ্ধি পাইছে । বন বিভাগ, বিটিচি প্ৰশাসন আৰু পশুপ্ৰেমী সংগঠনসমূহে ঐক্যবদ্ধ হৈ কাম কৰা বাবেই এয়া সম্ভৱ হৈছে ।
‘কেমেৰা ট্ৰেপিঙ’ৰ কাম কৰা ফিৰোজ আহমেদে জনায় যে, ‘আজিৰ পৰা কিছু বছৰ পূৰ্বে উগ্ৰপন্থীৰ মুক্ত বিচৰণথলী যিদৰে মানাহ গঁড়বিহীন হৈ পৰিছিল থিক তেনেদৰে অন্যান্য মূল্যৱান বন্যপ্ৰাণীবোৰো নিঃশেষ হৈ পৰিছিল । পাছত যেতিয়া মানাহ লাহে লাহে সংৰক্ষণৰ আওতালৈ আহিল তেতিয়া ২০১০ৰ লোকপিয়লত মানাহ আৰু ওচৰৰ অৰণ্যত ১০-১৫টা বাঘৰ সন্ধান পোৱা যায় । কিন্তু ২০১৯ত ব্যাঘ্ৰ লোকপিয়লত দেখা যায় যে মানাহত ‘৫২টা বাঘ’ আছে ।
বিটিএডিৰ অতিৰিক্ত মুখ্য বন বিষয়া আনন্দ স্বৰ্গীয়াৰিয়ে জনায় যে, সকলোৰে যৌথ প্ৰয়াসতে ইমান কম সময়ৰ ভিতৰতে এই অসাধ্য সাধন হৈ পৰিছে । সেয়ে সম্প্ৰতি মানাহ ব্যাঘ্ৰ প্ৰকল্প আৰু জাতীয় উদ্যানৰ স’তে যি ৩৬০বৰ্গ কিলোমিটাৰ অঞ্চল সংযোজিত হৈ আছে তাতো দুটি ৰয়েল বেংগল টাইগাৰ দৃশ্যমান হৈছে ।ৰাজ্যৰ মুখ্য বন সংৰক্ষক এ এম সিঙে কয়, ‘চৰকাৰে গাঁওবাসী আৰু পশুপ্ৰেমীসকলৰ স’তে যৌথ প্ৰচেষ্টাত মানাহৰ পূৰ্বৰ গৰিমা উভতাই অনাত সক্ষম হৈছে ।
একেবাৰে নিঃশেষ হৈ পৰা অৰণ্য এখন ইমান দ্ৰুত গতিত সমৃদ্ধিশালী হৈ পৰা দেশৰ বাবেও বিৰল ।’ বিটিএডিত থকা মানাহ ১৯৭২ত ব্যাঘ্ৰ প্ৰকল্প হিচাপে চিহ্নিত হয় । ১৯৮০ৰ পৰা ২০০৩ লৈকে সন্ত্ৰাসত বিধ্বস্ত হৈ আছিল এইখন অৰণ্য । অৰণ্যত গঁড়, বাঘ, হৰিণ সকলোবোৰ শেষ হৈ গৈছিল । এই ঐতিহ্যমণ্ডিত ক্ষেত্ৰখনক ইউনেচক’ই বিপন্নপ্ৰায় তালিকাত অন্তৰ্ভুক্ত কৰি দিছিল ।