শিক্ষক আৰু শিক্ষার্থীৰ মাজত প্রেম তথা শাৰীৰিক সম্পর্ক নিষিদ্ধকৰণৰ পথত আগবাঢ়িছে অক্সফ’র্ড বিশ্ববিদ্যালয়। বিশ্বৰ প্রসিদ্ধ এই শিক্ষা প্রতিষ্ঠানখনে অহা নৱবৰ্ষৰ পৰাই এই কঠোৰ নিয়ম বলৱৎ কৰিব। মানৱ মনৰ এই স্পর্শকাতৰ বিষয়টোত বিশ্ববিদ্যালয়খনে হস্তক্ষেপ কৰিব বিচৰাক লৈ ইতিমধ্যে বিশ্বৰ বিভিন্ন প্রান্তত আলােচনা হৈছে। সম্প্রসাৰিত হৈ পৰা এই খবৰক লৈ নতুন প্রজন্মৰ মাজত বিস্ময়ৰাে সৃষ্টি হৈছে।
ইংলণ্ডৰ দৰে প্রগতিশীল দেশ এখনৰ শিক্ষা প্রতিষ্ঠানখনে গ্রহণ কৰা এই কঠোৰ সিদ্ধান্তই প্ৰশ্নৰাে উদ্রেক কৰিছে। বিশ্ববিদ্যালয়খনত কিন্তু শিক্ষক-শিক্ষার্থীৰ মাজত প্রেম, ৰােমাণ্টিক অথবা শাৰীৰিক সম্পর্কই বহু সময়ত সমস্যাৰৰ সৃষ্টি কৰি আহিছে। বিশেষকৈ নাৰীৰ যৌন অধিকাৰত হাত দিয়াৰাে অভিযােগ আছে বিশ্ববিদ্যালয়খনত। আনহাতে, বিশ্ববিদ্যালয় কর্তৃপক্ষৰ দৃষ্টিলৈ অহা অনুসৰি এনে ধৰণৰ সম্পৰ্কৰ বাবে শিক্ষক-শিক্ষার্থী উভয়ৰে সাধাৰণ জীৱন বহু সময়ত ধ্বংস মুখত পৰিছে।
বহুতে আকৌ মানসিক সমস্যাৰাে সন্মুখীন হ’বলগীয়া হৈছে। এনে সমস্যাবিলাক এতিয়া দূৰ কৰিব বিচাৰিছে বিশ্ববিদ্যালয়খনে। সেয়েহে কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে বিশ্ববিদ্যালয় কর্তৃপক্ষই। অক্সফ’র্ডৰ পূর্বেই ইংলণ্ডৰ ইউনিভাৰচিটী কলেজ অৱ লণ্ডনত এই নিষেধাজ্ঞা জাৰি কৰিছিল। আমেৰিকাৰ য়েলসহ বহুকেইখন বিশ্ববিদ্যালয়ত শিক্ষক-শিক্ষার্থী মাজত প্ৰেমৰ সম্পৰ্কত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এইবাৰ একে পথতে আগবাঢ়িছে অক্সফ’র্ড।
বিশ্ববিদ্যায়খনৰ নিজস্ব নীতি-নির্ধাৰণ কমিটীত বিষয়টো গৃহীত কৰা হৈছে। কমিটীৰ অধিকসংখ্যক সদস্যই বিষয়টোৰ সপক্ষেই ভােটদান কৰিছে। ফলত বিশ্ববিদ্যালয়ৰ নীতিৰ সংশােধন।কৰাত বিশেষ সমস্যাৰ সৃষ্টি নহ’ল।সন্তানসকলে। উদ্ধাৰ কৰাৰ সময়ত আটাইকেইজন মানসিকভাৱে ভাৰসাম্যহীন অৱস্থাত আছিল। সম্প্রতি তিনিওজনৰে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।