- ছয়মাইলৰ হোটেল পেলেচিঅ’ত ৩০ ডিচেম্বৰৰ নিশা কৰ্মচাৰীক মাৰপিট বাহিনীৰ ৷
- বাৰত প্ৰথমে সুৰাপাণ কৰি প্ৰায় ১১ বজাত খাদ্যৰ অৰ্ডাৰ দিলে ৷ খাদ্য যোগান ধৰাত অলপ পলম হোৱা বাবে পাকঘৰত প্ৰৱেশ কৰি ৰান্ধনীক হত্যাৰ চেষ্টা চলায় ৷
- অভিযোগ অনুসৰি প্ৰায় ৫ জন লোকে বিভিন্ন দল সংগঠনত থকা ভাবুকিৰে হোটেলত আৰ ডি এক্সৰে হোটেল উৰাই দিয়া ভাবুকি প্ৰদান ৷
- শ্ৰীমন্ত হাজৰিকা আৰু কুলদ্বীপ ডেকাক প্ৰহাৰ কৰে ৷ ৰান্ধনীশালৰ বাতিৰে প্ৰহাৰ কৰে ৷
ADVERTISEMENT
- দিছপুৰ আৰক্ষী থানাত গোচৰ দিয়া পাছতো দিছপুৰ আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলিও অভিযোগ ৷ প্ৰত্যক্ষদৰ্শীৰ মতে এই দুৰ্বৃত্ত দলটোত আছিল কিছুদিন পূৰ্ৱে গণেশগুৰিত জুবিন গাৰ্গক আক্ৰমনত জড়িত এজন অভিযুক্ত ৷
- দিছপুৰ থানাৰ গোচৰ 3353 / 20 । ধাৰা 448/ 325 / 34 এটা গোচৰ ৰুজু কৰা হয় ৷ দুটা দিন উকলি যোৱাৰ পাছতো দোষী বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱা অভিযোগ তুলি দিছপুৰ থানাৰ সন্মুখত সদৌ অসম হস্পিটেলিটি কৰ্মচাৰীৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷
- কৰ্মচাৰী প্ৰতিবাদ চলি থকাৰ প্ৰত্যক্ষ কৰিও দিছপুৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াই কোনো ব্যৱস্থা নলয় কিন্ত পৰৱৰ্তী সময়ত এ চি পি হিমাংশু দাস প্ৰতিবাদস্থলীত উপস্থিত হৈ দোষীক কৰায়ত্ত কৰা আশ্বাস প্ৰদান কৰাত স্থগিত ৰাখে প্ৰতিবাদ ৷