Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জালিয়াতিৰে দৰঙত শিক্ষক পদত নিযুক্তি লাভৰ তথ্য ফাদিল

publisher by publisher
January 4, 2021
in Assam, India, News
Reading Time: 1 min read
0
জালিয়াতিৰে দৰঙত শিক্ষক পদত নিযুক্তি লাভৰ তথ্য ফাদিল
2
SHARES
23
VIEWS
ShareShareShareShare

ৰাকেশ পালৰ আমােলত অসম লােকসভা আয়ােগৰ জৰিয়তে অঙহী-বঙহীক পাছ দুৱাৰেদি নিযুক্তি দিবলৈ সক্ষম হােৱাৰ অভিযােগ উত্থাপিত হােৱা মঙলদৈৰ বিজেপি বিধায়ক গুৰুজ্যোতি দাসৰ বিৰুদ্ধে শিক্ষা বিভাগত গুৰুতৰ জালিয়াতিৰ গােচৰ ৰুজু হ’ল আদালতত। লক্ষ্যণীয়ভাৱে এই গােচৰৰ মূল অভিযুক্ত হ’ল বিধায়ক দাস। কাৰণ তেওঁ নিজেই তেনে নিযুক্তি লাভ কৰিছিল। বিগত ১৯৯৬ৰ পৰা চলি অহা দৰঙৰ শিক্ষক নিযুক্তি কেলেংকাৰিৰ বিষয় এটাই শেহতীয়াকৈ বিশেষ গতি লাভ কৰিছে। তাৰ ফলতে সেই সময়ত বাছনিকৃত শিক্ষকৰ দলে জিলাখনৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ২/২০২১ উক্ত গােচৰ তৰে।

ADVERTISEMENT

আদালতত দাখিল কৰা তথ্য অনুসৰি, বিগত ১৯৯৬ত অসম চৰকাৰৰ প্রাথমিক সঞ্চালকালয়ে ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত খালী থকা ৭৫০০টা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল। তাত দৰং জিলাৰ ২৭৪ টা প্রাথমিক শিক্ষকৰ পদ অন্তর্ভুক্ত আছিল। নিযুক্তিৰ বাবে মহকুমা ভিত্তিত চৰকাৰে গঠন কৰা উপদেষ্টা সমিতিয়ে আবেদনকাৰী প্রার্থীৰ সাক্ষাৎকাৰ অনুষ্ঠিত কৰিছিল। তাৰ পাছত ১৯৯৯ৰ ২৬ ফেব্ৰুৱাৰীত প্রাথমিক শিক্ষা বিভাগৰ তৰফৰ পৰা দৰং জিলাৰ বাবে ১৬৪ জন নির্বাচিত প্রার্থী তালিকা প্রকাশ কৰা হৈছিল; কিন্তু আশ্চর্যজনকভাৱে জিলাখনৰ একাংশ দুর্নীতিগ্রস্ত বিষয়া-কৰ্মচাৰীয়ে বেআইনীভাৱে ৩০২ জনক নিযুক্তি দিয়ে। তাৰ ভিতৰত বিধায়ক দাস আছিল অন্যতম।

RelatedPosts

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

BJP-ৰ IT Cell আৰু একাংশ নেতাৰ বিৰুদ্ধে গোচৰ

গুৱাহাটীত যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য, Gen-Z ভোটাৰ লক্ষ্যত বিজেপিৰ জোৰদাৰ প্ৰচাৰ

ইয়াৰ লগতে সেই অতিৰিক্ত তালিকাত স্থান লাভ কৰিছিল তেওঁৰ কে’বাজনাে অঙহী-বঙহীয়ে। ইয়াকে লৈ কেৱল ৰঙেই নহয়, ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়। তেনে বিতর্ক পৰিপ্ৰেক্ষিতত সেই বৰ্ষতে দৰঙৰ উপায়ুক্ত পর্যায়ত এক তদন্ত কৰা হয়। সেই তদন্তত অবৈধ নিযুক্তিৰ বিষয়টো স্পষ্ট হয়। গুৰুজ্যোতি দাসে ১৯৯৯ৰ চাৰি ডিচেম্বৰত তেনেদৰে অবৈধ নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। নিযুক্তি পত্ৰত উল্লেখ থকা অনুসৰি দাসে জিলাখনৰ শালৈপাৰা প্রাথমিক বিদ্যালয়ত যােগ দিব লাগিছিল; কিন্তু পৰৱৰ্তী সময়ত তথ্যজনাৰ অধিকাৰ (আৰ টি আই)আইনৰ জৰিয়তে পােহৰলৈ আহে যে বিধায়ক দাসে উক্ত বিদ্যালয়ত যােগদান তথা চাকৰি কৰাৰ তথ্য নাই।

ৰহস্যজনকভাৱে জিলাখনৰে ৪০ নম্বৰ মােৱামাৰী প্রাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে আৰ টি আইৰ এক উত্তৰত জনায় যে বিধায়ক দাসে শালৈপাৰা প্রাথমিক বিদ্যালয়ৰ পৰা বদলি হৈ আহি ২০০১ৰ ১২ এপ্রিলত মােৱামাৰীৰ বিদ্যালয়খনত কামত যােগ দিছিল আৰু ২০১২ৰ ১০ অক্টোবৰলৈ তাতেই কৰ্মৰত হৈ থাকি চৰকাৰী দৰমহাও লাভ কৰিছিল। অথচ দাসে শালৈপাৰা বিদ্যালয়ত যােগদান কৰাই নাছিল। ইপিনে, উপায়ুক্তৰ তদন্ত প্রতিবেদন মর্মে ৰাজ্যিক প্রাথমিক শিক্ষা সঞ্চালকালয়ে নিযুক্তিত খেলিমেলি হােৱাৰ কাৰণ দৰ্শাই জিলাখনৰ প্রার্থী তালিকাখনকে বাতিল কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত নির্বাচিত ১৬৪জন প্রার্থী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

লেখ আবেদনৰ শুনানিত আদালতে বৈধভাৱে নির্বাচিত প্রার্থী তালিকাখন দাখিলৰ নির্দেশ দিয়ে। সেই সময়ত উক্ত প্রার্থী তালিকাখন যিকোনাে প্রকাৰে গাপ দি ৰখাৰ দুৰ্বাৰ ষড়যন্ত্র চলে। ফলত আবেদনকাৰী পক্ষই তালিকাখন দাখিল কৰিব নােৱাৰাত আদালতে লেখ আবেদনখন নাকচ কৰে। বিগত ২০১৯ৰ জুলাইত আৰ টি আইৰ জৰিয়তে লাভ কৰা তথ্যই গােটেই প্রক্রিয়াটোক নতুন মাত্রা দিয়ে। ১৪ জুলাইত ১৬৪ জন নির্বাচিত প্রার্থী তালিকাখন একাংশ প্রার্থীৰ তৎপৰতাত উদ্ধাৰ হয়। তাৰ ভিতৰৰ ১৪২ জনে পুনৰ ন্যায়ালয়ত ২০১৯ৰ চাৰি অক্টোবৰত ১৫৪/২০১৯ত এখন পুনৰীক্ষণ আবেদন দাখিল কৰে।

লক্ষ্যণীয় যে উক্ত প্রার্থী তালিকাখনত বিধায়ক দাসসহ তেওঁৰ অঙহী-বঙহী কাৰােৱে নাম নাই। এনেদৰে বৰ্তমানৰ বিধায়কজনৰ জালিয়াতি পােহৰলৈ অহাৰ পাছত একাংশ নির্বাচিত প্রার্থীয়ে ন্যায় বিচাৰি আৰক্ষী অপৰাধ অনুসন্ধান বিভাগৰ কাষ চাপে; কিন্তু বিধায়ক হােৱাৰ অজুহাততে একাংশই প্রার্থীসকলক সহায় কৰাত নানান অজুহাত দেখুওৱাৰ অভিযােগ উত্থাপিত হৈছে। উপায়ান্তৰ হৈ তেওঁলােক আদালতৰ দ্বাৰস্থ হয়। আদালতে সকলাে দিশ পৰীক্ষা কৰাৰ পাছত কালি বিধায়ক দাসৰ বিৰুদ্ধে দৰঙৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত একাংশ প্রার্থীয়ে এজাহাৰ দাখিল কৰে আৰু তাৰ ভিত্তিত গােচৰ ৰুজু হয়। প্রসংগক্রমে উল্লেখ্য যে নিযুক্তি লাভ কৰিও চাকৰিৰ পৰা বঞ্চিত হােৱাৰ পৰিণতিত বহু প্রার্থীয়ে উপার্জনৰ বাবে আজি পর্যন্ত দিন হাজিৰা কৰি থাকিবলগীয়া হৈছে। হতাশাগ্রস্ত হৈ কে’বাজনে আত্মহত্যাৰ পথাে বাছি লৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJPGurujyoti Das
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d