BJP:✒️বিজেপিৰ IT Cell আৰু একাংশ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছে কুংকি চৌধুৰীয়ে । এই অভিযোগত তেওঁ দলীয় কাৰ্যালয়ৰ “৫০১ নম্বৰ কোঠা”ৰ পৰা দুষ্কাৰ্য চলাৰ সন্দেহ প্ৰকাশ কৰে।
সংবাদ মাধ্যমৰ স’তে হোৱা আলাপত কুংকি চৌধুৰীয়ে কয় যে তেওঁৰ বিৰুদ্ধে এক সংগঠিত ষড়যন্ত্ৰ চলোৱা হৈছে। তেওঁৰ মতে, এই সমগ্ৰ কাৰ্যকলাপ বিজেপিৰ IT Cell আৰু কিছু নেতাৰ স’তে জড়িত।
অৱশ্যে এই ষড়যন্ত্ৰ কিয় কৰা হৈছে সেই বিষয়ে তেওঁ স্পষ্টকৈ নাজানে বুলিও উল্লেখ কৰে।
ইয়াৰ লগতে তেওঁ কয় যে তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে চলি থকা এইধৰণৰ অপপ্ৰচাৰ বা দুষ্কাৰ্যই তেওঁৰ ৰাজনৈতিক স্থিতি বা সমষ্টিবাসীৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে।
এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশত নতুনকৈ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে IT Cell-ৰ ভূমিকাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।
বৰ্তমান এই অভিযোগ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া কেনেদৰে আগবাঢ়ে, সেইটো লক্ষ্যণীয় হৈ থাকিব।





























