অসমলৈ অগণন পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে মাঘ বিহুৰ সময়তে । ৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা “বাৰ্ড কাউণ্ট ইণ্ডিয়া”ৰ অধীনত যোৱা ১৪ ৰ পৰা ১৭ জানুৱাৰীলৈ চাৰিদিনীয়াকৈ আয়োজন কৰা “বিহু বাৰ্ড কাউণ্ট ২০২১” সফলতাৰে সম্পন্ন হৈছে ৷ নামনি অসম, উত্তৰ অসম, বৰাক উপত্যকা আৰু মধ্য অসমকে ধৰি পাঁচটা ক্ষেত্ৰত বিভক্ত কৰি সমগ্ৰ অসমত বিভিন্ন চৰাই পৰ্যৱেক্ষকে সম্পন্ন কৰা বিহু বাৰ্ড কাউণ্ট-২০২১ৰ ফলাফল অনুসৰি সৰ্বমুঠ ৪১৮ বিধ চৰাইৰ প্ৰজাতি নথিভূক্ত কৰা হয় ৷ ইয়াৰ ভিতৰত স্থানীয় চৰাইৰ উপৰি ৮১ টা বহু দূৰণিৰ পৰা অসমলৈ অহা পৰিভ্ৰমী চৰাইৰ প্ৰজাতি, ১৯ টা সংকটজনক চৰাইৰ প্ৰজাতি, ১১ টা সংকটাসন্ন চৰাইৰ প্ৰজাতি পৰ্যৱেক্ষণ আৰু নথিভূক্ত কৰা হয় ৷
ইফালে বিহু বাৰ্ড কাউণ্টৰ সময়ছোৱাত আটাইকেইটা ক্ষেত্ৰতে সৰ্বাধিক গণনা হোৱা চৰাইৰ ভিতৰত শালিকা(Common myna) আৰু তিল কপৌ(Spotted dove) অন্যতম ৷ বিহু বাৰ্ড কাউণ্টৰ এগৰাকী অন্যতম উদ্যোক্তা জয়দেৱ মণ্ডলে কয়, “কাজিৰঙা, মানাহ, পবিতৰা, দিহিং-পাটকাই আদি সংৰক্ষিত অঞ্চলৰ উপৰি বেছিভাগ চৰাইৰ পৰ্যৱেক্ষণ সংৰক্ষিত এলেকাৰ বাহিৰৰ অঞ্চলতে কৰা হৈছিল আৰু ইয়ে সংৰক্ষিত অঞ্চলৰ উপৰি আমাৰ চৌপাশৰ অঞ্চলটো যে চৰাইৰ বৈচিত্ৰ্যতা আছে তাকে সূচায় ৷ তদুপৰি নিৰ্দিষ্ট একোটা ক্ষেত্ৰত চৰাইৰ পৰ্যৱেক্ষণ আৰু গণনাৰ বিপৰীতে সমগ্ৰ অসমৰ ভিন্ন ক্ষেত্ৰত কৰা এই চৰাই পৰ্যৱেক্ষণৰ জৰিয়তে চৰাইৰ গুৰুত্ব, চৰাই সংৰক্ষণৰ প্ৰয়োজনীয়তা ইত্যাদি দিশত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি প্ৰধান লক্ষ্য আছিল ৷”
“বিহু বাৰ্ড কাউণ্ট-২০২১”ত উল্লেখিত অসমৰ পাঁচটা ক্ষেত্ৰৰ পৰা বিভিন্ন চৰাই পৰ্যৱেক্ষকে প্ৰস্তুত কৰা সৰ্বমুঠ ৯২৮ খন “চেকলিষ্ট” ই-বাৰ্ড ইণ্ডিয়াৰ ৱেবছাইটত আপল’ড কৰা হৈছিল৷ ইয়াৰ ভিতৰত উজনি অসমৰ চৰাই পৰ্যৱেক্ষকে সৰ্বাধিক ২৯৮ টা পক্ষীৰ প্ৰজাতি নথিভূক্ত কৰাৰ বিপৰীতে নামনি অসমৰ চৰাই পৰ্যৱেক্ষকে সৰ্বাধিক ৫১৭ খন চেকলিষ্ট প্ৰস্তুত কৰে ৷
উল্লেখযোগ্য যে অসমত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত বিহু বাৰ্ড কাউণ্ট-২০২১ত বিগত বৰ্ষৰ তুলনাত অধিক সংখ্যক চৰাই পৰ্যৱেক্ষকে যোগদান কৰাটো এক উৎসাহজনক বতৰা ৷