Shashi Tharoor:✒️নিৰ্বাচনী প্ৰচাৰৰ মাজতে কেৰালাত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ শশী থাৰু(Shashi Tharoor)ৰ কনভয়ত আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে,ঘটনাটোত তেওঁৰ সুৰক্ষা কৰ্মী আহত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, নিৰ্ধাৰিত ৰাজনৈতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ থকা সময়তে কিছুমান দুৰ্বৃত্তই পথত বাধা সৃষ্টি কৰি থাৰুৰৰ কনভয় ৰখাই দিয়ে।
ইয়াৰ পাছতে পৰিস্থিতি তীব্ৰ হৈ উঠে আৰু কনভয়ত সংলগ্ন সুৰক্ষা কৰ্মী আৰু সহায়ক কৰ্মচাৰীৰ ওপৰত আক্ৰমণ চলোৱা হয়।
ঘটনাৰ পাছত তৎক্ষণাৎ আৰক্ষীয়ে হস্তক্ষেপ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইতিমধ্যে এই ঘটনাৰ স’তে জড়িত সন্দেহত কেবাজন লোকক আটক কৰাৰ লগতে এক গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শশী থাৰুৰে(Shashi Tharoor) কয় যে তেওঁ নিজে সুৰক্ষিত আছে যদিও তেওঁৰ সুৰক্ষা কৰ্মীৰ ওপৰত হোৱা আক্ৰমণ গুৰুত্বসহকাৰে লোৱা উচিত। তেওঁ লগতে গণতান্ত্ৰিক প্ৰক্ৰিয়াত এইধৰণৰ ঘটনা অগ্ৰহণযোগ্য বুলি উল্লেখ কৰে।





























