মহামাৰী কৰ’না ভাইৰাছে দ্বিতীয় বাৰৰ বাবে যিধৰনৰ সংহাৰি ৰূপ ধাৰণ কৰিছে তাৰ ফলত অসমৰ বিভিন্ন জিলাত বহু লোক আক্রান্ত হোৱাৰ লগতে মৃত্যু হৈছে।
ADVERTISEMENT
ইতিমধ্যে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত দোতমা অঞ্চলতো কৰ’নাই লৈছে ভয়াবহ ৰূপ। দোতমা সমুহীয়া স্বাস্থ্য কেন্দ্রৰ চিকিৎসক ডক্টৰ বলোৰাম বৰ্মনে জানিবলৈ দিয়া মতে আজি দোতমা অঞ্চলত মুঠ ৪৬ জনৰ ক’ভিড পৰীক্ষা কৰা হৈছিল তাৰে ১৩ জনৰ দেহত পোৱা গৈছে ক’ভিড পজিটিভ ।
এজন ৰোগীৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেখেতক কোকৰাঝাৰ আৰ এন বি চিভিল হস্পিতাললৈ প্ৰেৰণ কৰা হয়। বিগত চাৰি দিনত দোতমা অঞ্চলত মুঠ ৩৬ জনৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ ফলত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে সমগ্ৰ দোতমা অঞ্চলত।






























