কেন্দ্রীয় ইলেকট্রনিক্স আৰু তথ্য-প্রযুক্তি মন্ত্রণালয়ে পুনৰ হােৱাটছএপক প্রতিষ্ঠানটোৰ শেহতীয়া ‘প্রাইভেচি পলিচি’ প্ৰৱৰ্তন কৰাৰ পৰা বিৰত থাকিবলৈ নির্দেশ দিলে।
গ্রাহকৰ ‘ডেটা’ৰ সুৰক্ষাৰ সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি কেন্দ্ৰীয় চৰকাৰে এই নির্দেশনা জাৰি কৰিলে। উল্লেখ্য যে হােৱাটছএপৰ এই নতুন নিয়ম-নীতিক প্রত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয় ইতিমধ্যে এক গােচৰ তৰা হৈছে।
এই গােচৰৰ শুনানিও আদালতে গ্রহণ কৰিছে। আদালতৰ বিচাৰাধীন হৈ থকাৰ সময়তে কেন্দ্রীয় চৰকাৰে এক
নির্দেশনা জাৰি কৰি হােৱাটছএপক ‘প্রাইভেচি পলিচি প্রত্যাহাৰ কৰিবলৈ কয়।
কেন্দ্রীয় চৰকাৰৰ মতে, এনে নিয়ম-নীতি বাধ্যতামূলক কৰিলে হােৱাটছএপ ব্যৱহাৰকাৰীৰ তথ্য-পাতিৰ গােপনীয়তা তথা সুৰক্ষা নিশ্চিত কৰাটো কঠিন হ’ব পাৰে।