বাঁহীও হ’ব পাৰে কাৰোবাৰ জীৱন লগৰী । সলাব পাৰে জীৱন পৰিক্ৰমা । যি বাঁহীৰ সুৰত ভগৱান কৃষ্ণই গোপিনীসকলক মোহিছিল, সেই একে বাঁহীৰ সুৰত উচ্চ পদস্থ বিষয়াৰ মন মোহি চাকৰি লাভ কৰিছিল বাগসা্ৰ এজন যুৱকে । নাম পুৰন্দৰ ৰাভা । জিলাখনত ব্যাপক চৰ্চা লাভ কৰিছিল এই ব্যতিক্ৰমী যুৱকজনে ।
সম্প্ৰতি চাকৰি এৰি কেৱল বাঁহী বিক্ৰী কৰিয়ে চলাইছে পৰিয়াল । তেওঁ বাগসা্ জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী থমনা টটলাপাৰাৰ নিবাসী ।
সৰুৰে পৰা তেওঁৰ বাঁহীৰ প্ৰতি অহেতুক দৰদ আছিল । দিনটোৰ বেছিভাগ সময় কটাইছিল বাঁহী বজায় । স্থানীয় বিহু দল এটাৰ স’তে জড়িত হৈ বাঁহীৰ সুৰেৰে প্ৰশংসা বুটলিছিল । সৰুৰ পৰাই তেওঁ বাঁহী তৈয়াৰ আৰু বিক্ৰীৰ স’তে জড়িত ।
তেওঁৰ বাঁহীৰ সুৰত মুগ্ধ হৈয়ে চিআৰপিএফ-ৰ এজন উচ্চপদস্থ বিষয়াই তেওঁক চিআৰপিএফ-ত ভৰ্তি কৰাই দিছিল । তেওঁ কিছু বছৰ চাকৰি কৰে যদিও, পৰৱৰ্তী সময়ত চাকৰি ত্যাগ কৰি পুনৰ বাঁহী তৈয়াৰ কৰা আৰু বিক্ৰী কৰা কাৰ্যত লিপ্ত হয় ।
মুছলপুৰকে ধৰি থমনা, আঠিয়াবাৰী, ডুমুনী, নিকাছি আদিৰ সাপ্তাহিক বজাৰত পুৰন্দৰে বাঁহী বিক্ৰী কৰি আহিছিল । বঁহী বিক্ৰী কৰি উপাৰ্জন কৰা ধনেৰে তেওঁ পৰিয়াল পোহপাল দিছিল । সুযোগ বুজি তেওঁ অন্য কামো কৰা দুপইচা উলিয়াইছিল ।
তেওঁ তৈয়াৰ কৰা সকলো বাঁহী এশৰ পৰা চাৰিশ টকাকৈ বিক্ৰী কৰিছিল । পিছে তলাবন্ধই বহুতৰ দৰে সলনি কৰিলে তেওঁৰো জীৱন পৰিক্ৰমা । বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা কৰ’না অতিমাৰীৰ ফলত সকলো বজাৰ-সমাৰ বন্ধ হৈ পৰাত তেওঁৰ জীৱন জীৱিকা স্তব্ধ হৈ পৰিছে ।
ঘৰৰ পৰা দুই এটা বাঁহী ক্ৰয় কৰিব আহে যদিও তেওঁ উপযুক্ত মূল্য নাপায় । সেয়ে তেওঁ পৰিয়াল পোহপাল দিবলৈ সমস্যাত পৰিছে । তেওঁ কয়, ‘পূৰ্বতকৈ এতিয়া বাঁহীৰ ব্যৱহাৰ কমিছে । উন্নত প্ৰযুক্তিৰ বাদ্য-যন্ত্ৰ ওলাইছে । তলাবন্ধৰ বাবে বিভিন্ন উৎসৱ পাৰ্বনো কমি আহিছে । যদি কৰ’না মহামাৰীৰ প্ৰকোপ আৰু দুই-তিনি বছৰলৈ থাকে, অসমৰ কৃষ্টি-সংস্কৃতিত ব্যৱহৃত লোকবাদ্য ক্ৰমান্বয়ে হেৰাই যাব । হেৰাই যাব বাঁহীৰ অমীয়া সুৰ ।’