ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই)এ সম্প্ৰতি এক জাননী প্ৰকাশ কৰিছে গ্ৰাহকসকলৰ বাবে । জাননীত কোৱা হৈছে, ৩০ জুনৰ পাছত বেংক সেৱা অব্যাহত ৰখাৰ চৰ্ত । চৰ্তত কোৱা হৈছে, পাৰ্মানেণ্ট একাউণ্ট নম্বৰ (পেন)ৰ স’তে আধাৰ কাৰ্ড সংলগ্ন কৰা বাধ্যতামূলক । চলিত মাহত পেনৰ স’তে আধাৰ কাৰ্ড সংযুক্ত নকৰিলে আগন্তুক দিনত সেৱা ব্যাহত হ’ব পাৰে বুলি সতৰ্কবাণী দিয়া হৈছে গ্ৰাহকসকলক ।
এই বিষয়ত শেহতীয়াকৈ এটা টুইট কৰিছিল এছবিআই-এ । টুইটত লিখে, ‘সেৱা ব্যাহত নহ’বলৈ, গ্ৰাহকসকলে পেন আধাৰ কাৰ্ডৰ স’তে সংলগ্ন কৰক ।’ বেংকৰ তৰফৰ পৰা জনোৱা হৈছে, আধাৰ সংযুক্ত নহ’লে নিষ্ক্ৰিয় হ’ব পেন কাৰ্ড । পেন কাৰ্ডেৰে একো লেনদেন কৰিব নোৱাৰিব ।
We advise our customers to link their PAN with Aadhaar to avoid any inconvenience and continue enjoying a seamless banking service.#ImportantNotice #AadhaarLinking #Pancard #AadhaarCard pic.twitter.com/LKIBNEz7PO
— State Bank of India (@TheOfficialSBI) May 31, 2021
পেন কাৰ্ডৰ স’তে আধাৰ সংযুক্ত কৰাৰ শেষ তাৰিখ আছিল ৩১ মাৰ্চ । কিন্তু আয়কৰ বিভাগে শেষ তাৰিখ বৃদ্ধি কৰে । সম্প্ৰতি ৩০ জুন আধাৰৰ স’তে পেন সংযুক্ত কৰা অন্তিম দিন ।