পেগাছাছ সন্দৰ্ভত আবেদন তালিকাত থকা পাঁচ সাংবাদিকৰ, সৰৱ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো

what is pegasus spyware and how to stay safe

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল পেগাছাছৰ জৰিয়তে সম্ভাব্য নিৰীক্ষণৰ তালিকাত থকা পাঁচ সাংবাদিক । এইয়ে প্ৰথম সম্ভাব্য নিৰীক্ষণৰ তালিকাত থকা ব্যক্তি ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল ।

পেগাছাছৰ জৰিয়তে সম্ভাব্য নিৰীক্ষণ সম্পৰ্কে তদন্ত বিচাৰি ইতিমধ্যে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে প্ৰবীণ সাংবাদিক এন ৰাম  আৰু শশী কুমাৰ, অধিবক্তা এম‌ এল শৰ্মা আৰু ৰাজ্যসভাৰ সদস্য জন ব্ৰিট্টাছে । বৃহস্পতিবাৰে এই আবেদনবোৰৰ শুনানি হ’ব ।

আজি শীৰ্ষ ন্যায়ালয়ত আবেদন কৰিছে পৰঞ্জয় গুহ ঠাকুৰতা, এছ এন এম আবদি, প্ৰেমশংকৰ ঝা, ৰূপেশকুমাৰ সিং আৰু ইপসা শতাক্ষীয়ে । এই পাঁচগৰাকীয়ে আবেদনত জনাইছিল, পেগাছাছৰ সন্দৰ্ভত তথ্য ফাদিল হোৱাৰ পাছত তেওঁলোকে তদন্তকাৰী সংবাদ মাধ্যমবোৰৰ প্ৰতিনিধিক নিজৰ ফোন দিছিল । এমনেষ্টি ইণ্টাৰনেচনেলৰ পৰীক্ষাগাৰত ডিজিটেল ফৰেন্সিক পৰীক্ষাৰ জৰিয়তে জনা যায় যে, পেগাছাছৰ জৰিয়তে তেওঁলোকৰ ফোনত নিৰীক্ষণ কৰা হৈছিল ।

আবেদনকাৰীসকলে জনায় যে, তেওঁলোকৰ ফোন ভাৰত চৰকাৰ বা কোনো তৃতীয় পক্ষ‌ই নিৰীক্ষণ কৰিছে বা হেক কৰিছে বুলি সন্দেহ কৰাৰ যথেষ্ট কাৰণ আছে । ভাৰত চৰকাৰে এতিয়াও পেগাছাছ স্পাইৱেৰ ক্ৰয় কৰাৰ কথা অস্বীকাৰ কৰা নাই ।

আবেদনকাৰীসকলৰ মতে, এনেদৰে আধুনিক স্পাইৱেৰৰ জৰিয়তে নিৰীক্ষণ কৰাই বাকস্বাধীনতা খৰ্ব কৰিব । এইটো ব্যক্তিপৰিসৰৰ অধিকাৰৰো পৰিপন্থী । ইয়াৰ ফলত চৰকাৰৰ বিভিন্ন স্তৰত অনিয়মক লৈ যিসকলে তথ্য সৰবৰাহ কৰে তেওঁলোক আগবাঢ়ি নাহিব । ফলত সমগ্ৰ দেশত প্ৰশাসনৰ স্বচ্ছতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব ।

আবেদনকাৰীসকলে উচ্চতম ন্যায়ালয়ত পাঁচটা নিৰ্দিষ্ট বিষয়ত নিৰ্দেশ দিয়াৰ আবেদন জনাইছে । প্ৰথমতে, পেগাছাছৰ দৰে স্পাইৱেৰ ব্যৱহাৰক বেআইনী ঘোষণা কৰা । দ্বিতীয়তে, আবেদনকাৰীসকলৰ বিৰুদ্ধে পেগাছাছ ব্যৱহাৰৰ নিৰ্দেশ বা সেই বিষয়ে তদন্ত সংক্ৰান্ত সকলো তথ্য উচ্চতম ন্যায়ালয় আৰু আবেদনকাৰীসকলক জনাব লাগে । তৃতীয়তে, পেগাছাছৰ দৰে চাইবাৰ অস্ত্ৰৰ পৰা ভাৰতীয় নাগৰিকসকলক ৰক্ষা কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা । চতুৰ্থতে, বেআইনী চোৰাংচোৱা বা হেকিঙৰ স’তে জড়িত বিষয়াসকলক শাস্তি প্ৰদান কৰিবৰ বাবে বিচাৰবিভাগীয় ব্যৱস্থা তৈয়াৰ কৰা । পঞ্চমতে, ন্যায়বিচাৰৰ স্বাৰ্থত প্ৰয়োজনীয় যিকোনো নিৰ্দেশ প্ৰদান কৰা ।

ইপিনে, আজি পেগাছাছ কাণ্ডৰ তদন্তৰ দাবীত সৰৱ হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰো । এই অভিযোগৰ তদন্তক লৈ নৰেন্দ্ৰ মোদী চৰকাৰৰ স’তে বিৰোধীসকলৰ বাক বিতৰ্কৰ ফলত বৰ্ষাকালীন অধিবেশন স্থগিত কৰিবলৈ বাধ্য হয় ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী নীতিশে কয়, ‘বহুদিশ ধৰি ফোনত চোৰাংচোৱা কৰাৰ কথা শুনিবলৈ পোৱা গৈছে । বিষয়টো সংসদত উত্থাপন কৰা হৈছে । সংবাদ মাধ্যমত প্ৰতিবেদন প্ৰকাশিত হৈছে । সেয়ে বিষয়টো পৰ্যবেক্ষণ কৰা উচিত । যি তথ্য পোৱা যায় সেয়া দেশবাসীক জনোৱা উচিত ।’

তেওঁ লগতে কয়, ‘এতিয়া এইবোৰ ঘটনা কোনে, ক’ত ঘটায় সেয়া বোজা কঠিন । সেয়ে পৰ্যবেক্ষণ কৰি বিষয়টো দেশবাসীক জনোৱা উচিত ।’

Exit mobile version