খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলৈ লোৱা স্বাধীনতা দিৱসৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ অৰ্থে সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয় । গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, গুৱাহাটী পৌৰনিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, অতিৰিক্ত উপায়ুক্তসকল তথা চৰকাৰী শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।
উক্ত সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে অহা দুদিনৰ ভিতৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ লোৱা খানাপাৰাৰ খেলপথাৰত আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ উপৰি সংশ্লিষ্ট বিভাগসমূহৰ কৰণীয় সকলো কাম সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে । নিৰাপত্তা, অনাময় ব্যৱস্থা, চাফ-চিকুনতা, খোৱাপানী যোগানৰ উপৰি আসন আৰু মঞ্চৰ ব্যৱস্থাপনা, চিকিৎসা ব্যৱস্থা আদি বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি উপায়ুক্তগৰাকীয়ে সকলো বিভাগকে আসোঁৱাহ নথকাকৈ কামসমূহ সমাপ্ত কৰিবলৈ নিৰ্দেশ দিয়ে ।
উল্লেখযোগ্য যে ক’ভিড নিৰ্দেশনা অনুসৰি অনুষ্ঠিত কৰিবলৈ লোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ক’ভিডৰ বাবেই কোনো সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা নহয়। আনহাতে, ক’ভিডৰ পৰিপ্ৰেক্ষিতত এইবাৰ মুক্তি যুঁজাৰুসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁলোকৰ ঘৰতে সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।