এইবাৰ কিছুমান নিৰ্বাচিত গীত নিষিদ্ধকৰণৰ সিদ্ধান্ত ল’লে চীনে । ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি স্বৰূপ, ধৰ্মীয় নীতিক উলংঘন কৰা, মাদক দ্ৰব্যৰ প্ৰচলনক উৎসাহিত কৰা ধৰণৰ গীত নিষিদ্ধ হ’ব চীনত ।
চীনৰ চৰকাৰী সংবাদ মাধ্যমে এই কথা প্ৰকাশ কৰি জনোৱা অনুসৰি, চীনত মনোৰঞ্জন কেন্দ্ৰসমূহত কাৰৌওকে গীতক হানিকাৰক বিবেচিত কৰা হ’ব । এনে ধৰণৰ হানিকাৰক গীতক দেশখনে ক’লা তালিকাভুক্ত কৰি এই গীতৰ প্ৰচলন চীনত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব ।
জুৱা আৰু ড্ৰাগছৰ দৰে ক্ষতিকাৰক প্ৰৱণতাক উৎসাহিত কৰা গীত-মাতো এতিয়াৰে পৰা চীনত নিষিদ্ধ হ’ব । চৰকাৰী সংবাদ মাধ্যমৰ তথ্য অনুসৰি চীনত কমেও ৫০ হেজাৰ মনোৰঞ্জন কেন্দ্ৰ আছে আৰু এইসমূহ কেন্দ্ৰত বিভিন্ন গীত-মাত পৰিৱেশন কৰা হয় ।
এনেবোৰ কেন্দ্ৰত এতিয়াৰে পৰা কেৱল সুৰুচিকৰ আৰু প্ৰেৰণামূলক গীত-মাতহে পৰিবেশন কৰিব পাৰিব । অশ্লীল গীত, ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি তথা গীত-মাত চীনৰ বিনোদন কেন্দ্ৰসমূহত এতিয়াৰে পৰা পৰিবেশন কৰিব নোৱাৰিব ।
উল্লেখ্য যে যোৱা বছৰত হিংসাক প্ৰৰোচিত কৰা কমেও এশটা গীত চীনত চৰকাৰে নিষিদ্ধ কৰিছিল ।