বিটিআৰ চৰকাৰৰ তৰফৰ পৰা লোৱা পদক্ষেপ অনুসৰি বিটিআৰ একৰ্ডৰ এটা দফামৰ্মে বাগসা জিলাৰ শালবাৰীৰ নিমুৱাত নিখিল বড়ো ছাত্ৰ সন্থাৰ বাগসা জিলা সমিতিৰ অন্তৰ্গত গোৱৰ্ধনা আঞ্চলিক সমিতিৰ উদ্যোগত নিমুৱা বাপুজী হাইস্কুল প্ৰাংগনত সেনা-আৰক্ষীত যোগদান কৰাৰ ইচ্ছুক যুৱক-যুৱতীক বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে আজিৰে পৰা ৩০ ছেপ্তেম্বৰলৈ ২৪ দিনীয়া এক কৰ্মশালাৰ আয়োজন কৰা হয় ৷
এই উপলক্ষে আজি ৰাতিপুৱাৰ ভাগত এবছুৰ গোৱৰ্ধনা আঞ্চলিক সমিতিৰ সভাপতি চন্দন মুছাহাৰীৰ সভাপতিত্বত এক সভা অনুষ্ঠিত হয় ৷ ২৪ দিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে বাগসাৰ খুচুৰাবাৰীস্থিত ডি/১০ নং বেটেলিয়ন চিআৰপিএফ কেম্পৰ তৰফৰ পৰা সভাত যুৱক-যুৱতীসকলক উদ্দেশ্যি প্ৰশিক্ষণমূলক ভাষণ প্ৰদান কৰে সহকাৰী কোমাণ্ডেট ৰাকেশ কুমাৰ যাদৱে ৷
এবছুৰ গোৱৰ্ধনা, খাৰিজা, বিজনী, বৰপেটাৰোড আৰু হাউলী আঞ্চলিক সমিতিৰ সহযোগত ৰূপায়িত প্ৰাক সেনা-আৰক্ষীৰ প্ৰশিক্ষণ কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি ভাষণ ৰাখে ইউপিপিএলৰ সাংগঠনিক সম্পাদক ফনিন বড়ো, গোৱৰ্ধনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ তালুকদাৰ, বাগসা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰী, বাথৌ মহাসভাৰ সাধাৰণ সম্পাদক বসন্ত স্বৰ্গীয়াৰী, আলাৰাম বড়ো আদিয়ে ৷ কৰ্মশালাত বৃহত্তৰ অঞ্চলটোৰ বহু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ৷