- জনজাতীয় হোৱাৰ বাবেই সাত মাহ উকলি যোৱাৰ পাছতো আজিলৈ দাখিল নহ’ল চার্জচিত, নাপালে ন্যায় |
- শৰ্মা, শইকীয়া হোৱা হ’লে ততালিকে দোষী কৰায়ত্ত হোৱাৰ লগতে শাস্তি পালেহেতেঁন |
- ভুক্তভোগী পৰিয়ালে নাপালে ক্ষতিপূৰণ |
- SC/ST prevention of Atrocities Act 1989 ৰ অধীনত গোচৰ ৰুজু কৰাৰ আবেদন জনায়ো বিফল আবেদনকাৰী |
- Act অনুসৰি এনে গোচৰ চাৰি মাহৰ ভিতৰত নিস্পত্তি হ’ব লাগে । ভুক্তভোগীৰ পৰিয়ালক সাত দিনৰ ভিতৰত চৰকাৰে আদায় দিব লাগে ক্ষতিপূৰণৰ আধা অংশ |
- স্থানীয় বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহালে বিষয়টো ৰাজনীতিকৰণ কৰি পেলালে |
- চাহ জনগোষ্ঠীৰ ৬০ হেজাৰ ভোটাৰৰ ওচৰত ৰাভাৰ দুই হেজাৰ ভোটাৰ ম্লান পৰিল । যাৰ বাবে ন্যায় নাপালে ভুক্তভুগিয়ে |
- চাহ বাগানৰ মানুহে এই দুষ্কাৰ্য সংঘটিত কৰিছে বুলি ইতিমধ্যে স্থানীয় ৰাইজে গ’ম পাইছে । অশোক সিংহাল নিৰ্বাচনত হৰাৰ ভয়ত আজিলৈ দোষিক কৰায়ত্ত কৰা নাই |
- বিজেপিৰ বেটি বাছাও, বেটি পঢ়াও অভিযান কি হ’ল, এয়া নেকি বেটি বাছাওৰ নমুনা |
- চৰকাৰে দুধৰ্ষ উগ্ৰপন্থী, চোৰ-ডকাইতক কৰায়ত্ত কৰিব পাৰে কিন্তু এই ঘটনাৰ দোষিক আজিলৈ কৰায়ত্ত কৰিব পৰা নাই কিয় ?
ADVERTISEMENT