আমেৰিকাৰ ব্রাউন বিশ্ববিদ্যালয়ত ভাৰতীয় অর্থনীতিৰ বিষয়ত তেওঁৰ এক বক্তৃতাত প্রাক্তন মুখ্য অর্থনৈতিক উপদেষ্টা অৰবিন্দ সুব্রহ্মণ্যমে ‘অভূতপূর্ব অধিকাৰ’ প্রসংগত এনে দুই ব্যক্তি বা গোষ্ঠীৰ বিষয়ে উল্লেখ কৰিছে, যি দুজনৰে নামৰ আদ্যক্ষৰ ইংৰাজী বর্ণমালাৰ প্রথম অক্ষৰ । যথাক্রমে ‘অম্বানী’ আৰু ‘আদানি’ । সুব্রহ্মণ্যমে এই দুই বণিক গোষ্ঠীৰ অর্থনীতিৰ বিভিন্ন ক্ষেত্রত প্রাধান্য বিস্তাৰৰ বিষয়টোক ‘বিশ্বৰ পুঁজিবাদৰ ইতিহাসত এক অনন্য ঘটনা’ বুলি বর্ণনা কৰিছে । সম্প্ৰতি ভাৰতীয়ৰ মুখে মুখে এই দুই নাম । কাৰণ, বর্তমান চৰকাৰৰ স’তে তেওঁলোকৰ ঘনিষ্ঠতা । কিন্তু সুব্রহ্মণ্যমৰ বক্তব্য অনুযায়ী এই ‘অনন্যতা’ৰ বিষয়টো বিতর্কৰ অবতাৰণা হ’ব পাৰে ।
কোনো সন্দেহ নাই যে অম্বানী আৰু আদানী, তেওঁলোক উভয়েই বাণিজ্য-দক্ষ । কিন্তু তেনে দক্ষতাটো অন্য বহু গোষ্ঠীৰৈই আছে । তেন্তে ক’ত এই দুই গোষ্ঠী পৃথক ? যি স্থানত তেওঁলোক অন্যতকৈ পৃথক, সেইটো হ’ল দেশৰ অর্থনীতিৰ ওপৰত প্রভুত্ব স্থাপনৰ বাবে তেওঁলোকৰ উদগ্রিৱ বাসনা । যি বাসনা বা ‘ক্ষুধা’ক ক্রমাগত ইন্ধন দিছে তেওঁলোকৰ প্রতি পক্ষপাতদুষ্ট চৰকাৰী অৱস্থান আৰু ইয়াকে লৈ বহমান বিভিন্ন বিতর্ক । অম্বানী গোষ্ঠীয়ে পেট্র’ কেমিকেলছৰ জগতত তেওঁলোকৰ আধিপত্য বিচাৰে, লগতে পেট্র’লিয়াম, টেলিকম, অনলাইন মঞ্চসমূহ, সুবিন্যস্ত খুচৰা ব্যৱসায় ।
অতি দ্রুত গতিত উঠি অহা আদানি গোষ্ঠীয়ে দীর্ঘকাল ধৰি এই দেশৰ কয়লা ৰপ্তানিকাৰক হিচাপে শীর্ষস্থানত আছে । তেওঁলোকে সৌৰশক্তি-সহ দেশৰ অন্যান্য শক্তি উৎপাদন ক্ষেত্রত আটাইতকৈ বৃহৎ বেচৰকাৰী উদ্যোগ । লগতে তেওঁলোকে দেশৰ প্রৱেশদ্বাৰবোৰ, অর্থাৎ বৃহৎ বন্দৰ আৰু বিমানবন্দৰবোৰৰ মালিক । লক্ষণীয় যে, এই দুই গোষ্ঠীয়ে কিন্তু পৰস্পৰৰ ঠাইত ভৰি নিদিয়ে । কিন্তু ‘গ্রীন এনার্জি’ বা প্রাকৃতিক উপাদানৰ পৰা আহৃত শক্তি উৎপাদনৰ ক্ষেত্রত দুপক্ষৰ প্রাধান্য বিস্তাৰৰ চেষ্টা হয়তো সংঘাতৰ পথত যাব পাৰে । উভয়ৰে চৰকাৰ-ঘনিষ্ঠতাৰ কাহিনী সর্বজনবিদিত । তেওঁলোকক প্ৰত্যাহ্বান দিবলৈ গৈ একাধিক প্রতিযোগী পিছ পৰি গৈছে ।
ভাল-বেয়া, উচিত-অনুচিতৰ দ্বন্দ্বৰ পৰা উভতি আহক ‘অনন্যতা’ৰ প্রসংগত । সুব্রহ্মণ্যম দক্ষিণ কোৰিয়াৰ চেবোল (ব্যক্তি বা পৰিয়াল কেন্দ্রিক শিল্পপতি গোষ্ঠী) বা জাপানৰ পৰিয়াল-নিয়ন্ত্রিত জাইবাৎসু (দ্বিতীয় বিশ্বযুদ্ধৰ পাছত প্রতিষ্ঠান-নির্ধাৰিত কেইৰেৎসু ব্যৱস্থা অহাৰ পাছত জাইবাৎসু প্রথাক প্ৰত্যাহাৰ কৰে) প্রথাৰ স’তে অম্বানী আৰু আদানিৰ তুলনা কৰি তেওঁলোকক ‘অনন্য’ বুলি কয় । লক্ষণীয় যে, জাইবাৎসু/কেইৰেৎসু প্রথা মাত্র দুটা পৰিয়ালৰ মাজত সীমাৱদ্ধ নাছিল । প্ৰায় আধা ডজন জাইবাৎসু/কেইৰেৎসুক একে সময়ত প্রাধান্যত থকা দেখিবলৈ পোৱা গৈছে । এইসমূহ দেশৰ বাণিজ্যপুঁজিত এই গোষ্ঠীবোৰৰ অংশীদাৰিত্ব, তেওঁলোকৰ স্থাৱল সম্পত্তি প্রভৃতি এই ভাৰতীয় গোষ্ঠী দুটাৰ তুলনাত বহু বেছি আছিল ।
তুলনাত তেওঁলোকৰ ব্যৱসায় বিস্তৃতিও বহু বেছি আছিল । ৰাজনৈতিক যোগাযোগৰ দিশৰ পৰা চাবলৈ গ’লে জাপানী আৰু কোৰিয়ান গোষ্ঠীবোৰে তেওঁলোকৰ দেশৰ ৰাজনীতিবিদ আৰু চৰকাৰৰ স’তে যি পাৰস্পৰিক নির্ভৰশীলতাৰ বন্ধনত আৱদ্ধ আছিল, এই দুই ভাৰতীয় গোষ্ঠীৰ সেইবোৰৰ স’তে কোনো তুলনাই নাচিল । কোৰিয়াৰ চেবোল চৰকাৰৰ দ্বাৰা পৃষ্ঠপোষিত ৰাষ্ট্ৰীয় উদ্যোগৰ মুখপাত্র আছিল । চেবোল আৰু কেইৰেৎসু ৰাজনৈতিক দলবোৰক গুৰুত্বপূর্ণ অর্থ সৰবৰাহকাৰীৰ ভূমিকাতো অৱতীর্ণ হৈছিল ।
যদি কোনোৱে এই প্রসংগত টাটা গোষ্ঠীৰ উদাহৰণ দাঙি ধৰে, তেতিয়া দেখিবলৈ পোৱা যাব, ই প্রায়-কেইৰেৎসু (তেওঁলোকৰ পৰস্পৰ-সংবদ্ধ অংশীদাৰিত্ব আৰু এক প্রকাৰ একনায়কত্বৰ দিশেই ইংগিত কৰে) এই গোষ্ঠীয়ে তেওঁলোকৰ দীর্ঘম্যাদি পাৰিবাৰিক আত্মপৰিচয় উল্লম্বভাৱে নির্মিত এক জাইবাৎসু গোষ্ঠীৰ বিষয়েই দৰ্শাই । এই চৰিত্র অব্যাহত থাকি যায় । ভাৰতৰ এই বৃহৎ তিনি গোষ্ঠী কিন্তু দেশৰ জাতীয় স্তৰত আধিপত্য বিস্তাৰত সক্ষম নহয় । যি অগ্রণী চেবোল আৰু কেইৰেৎসুৱে কৰিবলৈ সমর্থ হৈছিল ।
শেষ পর্যন্ত এই কথা মানিবই লাগিব যে, ভাৰতৰ ‘ষ্টার্ট-আপ ইউনিকর্ন’ সকলৰ (যিসমূহ ব্যক্তিগত মালিকানাধীন ব্যৱসায়ে ১০০ কোটি মার্কিন ডলাৰ মূল্যমান স্পর্শ কৰিছে) সন্মিলিত মূল্যমান অম্বানী সাম্রাজ্যতকৈ বহু বেছি । লগতে, এইটোও মন কৰিবলগীয়া যে, টাটা গোষ্ঠী অম্বানী বা আদানিৰ দৰে ‘ক্রাউডিং আউট’এ (সেই অৱস্থা, যেতিয়া বজাৰ অর্থনীতিৰ কোনো এটা ক্ষেত্রত চৰকাৰ অতিৰিক্ত মাত্রাত জড়িত থকাৰ ফলত অন্য ক্ষেত্রবোৰো প্রভাৱিত হৈ থাকে । বিশেষকৈ চাহিদা আৰু যোগানৰ ওপৰত তাৰ প্রভাৱ পৰে) প্রাধান্য বিস্তাৰত অথবা ৰাজনৈতিক ক্ষমতাৰ খেলত লিপ্ত হ’ব নিবিচাৰে ।