Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

এয়া আৰু বিভাজন নহয়, ঐক্য গঢ়াৰহে সময়

প্রাঞ্জলসেন ডেকা

publisher by publisher
October 25, 2021
in Opinion
Reading Time: 1 min read
0
এয়া আৰু বিভাজন নহয়, ঐক্য গঢ়াৰহে সময়
3
SHARES
28
VIEWS
ShareShareShareShare

আৰু এক অবাঞ্চিত, অপ্রয়ােজনীয় বিতর্ক। বৰাকৰ এটি স্বল্পখ্যাত সংগঠনৰ কেইজনমান সদস্যই চৰকাৰী বিজ্ঞাপনৰ হর্ডিঙত অসমীয়া আখৰত কলা ৰং সানি বাংলাত সেই কথা লিখিবলৈ দাবী জনােৱা ঘটনাই প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। ঘটনাটো দেখি ধাৰণা হয় যে কেৱল সস্তীয়া আৰু সহজলভ্য প্রচাৰৰ আশাৰেই উক্ত লােককেইজনে এনে কার্যসূচী হাতত লৈছে। এনে অসৎ উদ্দেশ্যৰে বিভিন্ন ধৰণৰ অবাঞ্চিত কাম কৰি অহা সংগঠনৰ সংখ্যা অসমত কম নহয়। কোনাে ভাষা-সংস্কৃতিক অপমান কৰিলে সংশ্লিষ্ট সমাজত ক্ষোভৰ সৃষ্টি হােৱাটো স্বাভাৱিক; কিন্তু এখন সুসংহত সমাজত যিকোনাে কথাৰে প্রতিক্রিয়া প্রকাশাে দায়িত্বশীল হােৱাটো বাঞ্ছনীয়। এই ঘটনাৰ প্ৰতিবাদৰ লগতে দোষীসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে বিভিন্ন দল-সংগঠনে জনােৱা দাবীৰ পাছত প্রশাসনে অনিচ্ছা সত্ত্বেও গা লৰাবলৈ বাধ্য হয়। এই ঘটনাত জড়িত সংগঠনটোৰ উপদেষ্টাক সােধপপাছ কৰাৰ লগতে দুজন বিষয়ববীয়াক নিয়মমাফিক গ্রেপ্তাৰ কৰি কিছু সময় পাছত জামিনত মুক্তি দিয়া হয়।

ADVERTISEMENT

সন্মুখত পাঁচটা সমষ্টিৰ উপ-নির্বাচন বাবেই হয়তাে চৰকাৰে এই ক্ষেত্ৰত নিজাববীয়াকৈ তৎপৰ হােৱা নাই বুলি ভবাৰ অৱকাশ নথকা নহয়। লক্ষ্যণীয় যে অসমীয়া ভাষাক অপমান কৰাৰ অভিযােগত গ্রেপ্তাৰ হােৱা দুয়ােজন লােকেই শাসকীয় বিজেপিৰ কর্মী বুলি প্রকাশ পাইছে। যি যি কি নহওক, এই ঘটনাৰ আলম লৈ বিশিষ্ট সাহিত্যিক, প্রাক্তন সাংসদ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° নগেন শইকীয়াই বৰাক উপত্যকাক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ দাবী উত্থাপন কৰাটোৱে বহুতৰে চকু কপালত তুলিছে। অৱশ্যে স্বস্তিৰ বতৰা এয়ে যে মুখ্যমন্ত্রী প্রমুখ্যে শাসক-বিৰােধী ব্যক্তি-দল-সংগঠনৰ পৰা আৰম্ভ কৰি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈকে সকলােৱে অসমক পুনৰ বিভাজিত কৰাৰ তীব্ৰ বিৰােধিতা কৰিছে। অসমৰ অংগচ্ছেদ কৰাৰ ঐক্যবদ্ধ প্রতিবাদ এয়ে প্রথমবাৰৰ বাবে পৰিলক্ষিত হােৱাটোও লক্ষ্যণীয়। এই কথা আমি হৃদয়ংগম কৰিবই লাগিব যে এয়া আৰু বিভাজনৰ নহয়, বৰঞ্চ ঐক্য গঢ়াৰহে সময়।

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

সাম্প্রতিক গােলকীয় পটভুমিত এয়াই সত্য আৰু বাস্তৱ পুৰ্বৰ তিক্ততাৰ বাবে এসময়ত বিশিষ্ট ঔপন্যাসিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাই কাছাৰক এটুকুৰা গেলা ঘা আখ্যা দিছিল আৰু সেই বাবে ইয়াক কাটি পেলাবলৈ আহ্বান জনাইছিল। একেদৰে আততায়ীৰ হাতত প্রাণ হেৰুওৱা সাংবাদিক পৰাগ কুমাৰ দাসেও বৰাক উপত্যকাক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। কিন্তু ইয়াৰ বিপৰীতে বৰাক আৰু ব্ৰহ্মপুত্র উপত্যকাৰ জনগণে যে ঐক্যবদ্ধ অসমহে বিচাৰে সেই কথা শেহতীয়া ঘটনাৰ জৰিয়তে পুনৰ দ্ব্যর্থহীনভাৱে প্রমাণিত হ’ল। বৰাক উপত্যকাৰ লােকসকলেও উপলব্ধি কৰিছে যে ব্রহ্মপুত্র উপত্যকাৰ স’তে ঐক্যবদ্ধ অসমতে লুকাই আছে তেওঁলােকৰ বাবেও শক্তি। সেই বাবেই অসমীয়া ভাষাক তেওঁলােকে আৰু শত্রুজ্ঞান নকৰে; বৰঞ্চ অসমীয়া গীত-মাত, বিহু নৃত্য আদি বৰাকতাে যথেষ্ট জনপ্রিয় হৈছে।

পূর্বতে অধিকাংশ বিধায়কে বিধানসভাত বাংলাতে ভাষণ দিছিল যদিও সম্প্রতি প্রায়সংখ্যকেই অসমীয়াত ভাষণ দিয়া পৰিলক্ষিত হয়। এইবােৰে সমন্বয়ৰে বার্তা কঢ়িয়াই অনাৰে ইংগিত দিয়া নাই জানাে? অৱশ্যে বৰাকৰাে মুষ্টিমেয় দুই-এজন ৰাজনৈতিক নেতা অথবা কোনাে সংগঠনৰ বিষয়ববীয়াই ন্যস্তস্বার্থ পূৰণৰ উদ্দেশ্যে এই দুই উপত্যকাৰ মাজত এক বিভাজন সৃষ্টিৰ অপচেষ্টা চলাই অহাটো নতুন কথা নহয়; কিন্তু সেই কণ্ঠও ইতিমধ্যে প্রায় স্তিমিত হৈ আহিছে। গতিকে এনে এক সময়ত বৰাক উপত্যকাক পৃথক কৰাৰ দাবীয়ে সেই দুষ্টক্রসমূহকে উৎসাহিত কৰিব। লগতে যি সমন্বয়ৰ পৰিৱেশ সৃষ্টি হৈ আহিছে তাৰ ওপৰতাে কুঠাৰাঘাত কৰা হ’ব। সাম্প্রতিক পৰিৱেশত পৃথিৱীত আজি কোনােৱে বিচ্ছিন্ন হৈ থকাটো সম্ভৱ নহয়। মানৱ জাতিৰ জীৱনযাত্রা আজি এনেদৰে পৰপ্ৰৰ ওৰত নিৰ্ভৰশীল হৈ পৰিছে যে ইয়াৰ ব্যতিকে বিপর্যয় অৱধাৰিত। ইয়াত মাৰিলাে টিপা গড়গাঁও পালেগৈ শিপা বুলি ভূমিকম্পকহে ইংগিত কৰা হৈছিল যদিও আজিৰ পৰিস্থিতিক ফুটাই তুলিবলৈ ইয়াতকৈ উত্তম উপমা নাই বুলিয়ে ধাৰণা হয়। গতিকে পৰিস্থিতি অনুধাৱন কৰাৰ পৰিৱর্তে বিচ্ছিন্নতাৰ পােষকতা কৰাটো আত্মঘাতী পদক্ষেপ বাহিৰে আন একো নহয়।

ইতিমধ্যে তসমে ইয়াৰ বিষফল ভুগিবলগীয়া হৈছে। এখন এখনকৈ ছখন ৰাজ্য অসমৰ পৰা বিচ্ছিন্ন হৈ যােৱাৰ পাছতাে আমাৰ শিক্ষা নােহােৱাটো অতিশয় দুর্ভাগ্যজনক। আকৌ যদি বাককো আঁতৰাই পঠিওৱা তেন্তে নতুন নতুন বিভাজনৰ পথ মােকলাই দিয়া নহ’ব নে? গতিকে সমন্বয় আৰু বিকাশ সমান্তৰালভাৱে আগবঢ়াই নিয়াটোহে সময়ৰ আহ্বান। অসমত ৰাজ্যভাষা অসমীয়াৰ লগতে আন কোনাে ভাষা-সংস্কৃতিৰ চৰ্চা আৰু বিকাশৰ ক্ষেত্ৰত কোনাে বাধা নাই। বৰঞ্চ বাংলা, বড়াে আদি ভাষাক ইতিমধ্যে সহযােগী ভাষাৰ মর্যাদা প্রদান কৰা হৈছে। গতিকে সমন্বয়ৰে বিকাশৰ পথত আগবাঢ়ি যােৱাটোহে প্ৰতিটো জাতি- জনগােষ্ঠীৰ দায়িত্ব আৰু লক্ষ্য হােৱাটো বাঞ্ছনীয়। এইখিনিতে প্রশ্ন উত্থাপিত হয় যে অসমীয়া ভাষা-সংস্কৃতি ৰসাতলে গ’ল বুলি হায়ৈ-বিয়ৈ কৰিলেও ইয়াৰ সুৰক্ষাৰ বাবে আমি দায়িত্ব পালন কৰিছাে নে ? আমাৰ কেইজনে নিজৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত ভৰ্তি কৰাইছাে অথবা অসমীয়া ভাষা-সংস্কৃতি চর্চাৰ বাবে উৎসাহিত কৰিছাে ? গতিকে কেৱল শ্ল’গান দি আমি ভাষা-সংস্কৃতি ৰক্ষা কৰিব নােৱাৰাে। অসমীয়াসকলে যেতিয়ালৈকে নিজৰ ভাষা, নিজৰ সংস্কৃতিক জীয়াই ৰাখিব বিচাৰিব, তেতিয়ালৈকে ইয়াৰ কোনেও ক্ষতিসাধন কৰিব নােৱাৰিব।

অসমীয়া ভাষাৰ গুৰুত্ব আৰু প্ৰয়ােজনীয়তা আনে সৃষ্টি কৰি দিব নােৱাৰে। ইংৰাজী ভাষাক আজি পৃথিৱীৰ অধিকাংশ লােকেই আদৰি লােৱাৰ আঁৰতাে এয়াই কাৰণ। গতিকে নীচাত্মিকাত ভুগি ছাঁয়া শত্রু সৃষ্টি কৰি ঘূটিয়াই থকাৰ পৰিৱর্তে নিজৰ ভাষা-সংস্কৃতিক সম্পদশালী কৰি তােলাৰ দিশতহে মনােনিৱেশ কৰাটো প্রয়ােজন। অসমীয়া সমাজৰ দ্বন্দ্ব আৰু বিশংখলা সৃষ্টিৰ ক্ষেত্ৰত বৌদ্ধিক মহলৰ ব্যর্থতাও কম জগৰীয়া নহয়। এনে ক্ষেত্ৰত পুনৰ বিভাজনৰ পৰিৱেশ গঢ়ি তােলাৰ পৰিৱর্তে সমন্বয়ৰ জৰিয়তে সম বিকাশৰ ওপৰতহে সর্বাধিক গুৰুত্ব আৰােপ কৰিব লাগিব। অসমৰ বৌদ্ধিক নেতৃত্বই পূর্বৰ ইতিহাসৰ পৰা শিক্ষা লৈ সঠিক পথ প্রদর্শন কৰা সময়ৰ আহ্বান। প্রসংগক্রমে স্মর্তব্য যে জাতিৰ সংজ্ঞা ১৮/১৯ শতিকাতে ৰৈ থকা নাই। এসময়ত জাতি গঠনৰ বাবে এক ধর্ম, এক ভাষা, এক সংস্কৃতি অপৰিহাৰ্য আছিল; কিন্তু বিশ্বায়নৰ ফলস্বৰূপে সম্প্রতি কোনাে সমাজতে কেৱল এক ভাষিক, এক ধর্মীয় লােক অথবা একে সংস্কৃতিৰ লােক পাবলৈ নাই।

প্ৰায়েই কোৱা হয় যে মাত্র পাঁচ হেজাৰ লােক থকা এক ভাষিক, এক ধর্মীয় সমাজো দুর্লভ হৈ পৰিছে। তাৰে ফলস্বৰূপে পাৰস্পৰিক সম্প্রীতিয়েই সামাজিক ঐক্যৰ চাৰিত্রিক বৈশিষ্ট হৈ পৰিছে। আজিৰ মন্ত্ৰ হ’ল প্রগতি আৰু সমন্বয় প্ৰগতিৰ বাবে সমন্বয় অপৰিহাৰ্য। এই যুগত কোনাে জনগােষ্ঠীৰ লােকে সমন্বয় অবিহনে আগবাঢ়িব নােৱাৰে। আমাৰ দূৰদৃষ্টিহীনতাৰ হেতুকে ব্রিটিছে গঢ়ি তােলা বৰ অসম বহু ভাগত বিভক্ত হ’ল। এই প্রক্রিয়া বন্ধ হওক আৰু সমন্বয়ৰে বৰ অসম গঢ়ি তােলা হওক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Barak Valleypranjal sen deka
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d