ইনষ্টাগ্ৰাম আৰু টুইটাৰৰ পৰা নিজৰ একাউণ্ট ডিলিট কৰিলে শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাই । যোৱা জুলাই মাহত পৰ্ণগ্ৰাফীৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল ৰাজক।
ADVERTISEMENT
ছেপ্টেম্বৰত জামিন মঞ্জুৰ হয় শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ ।কিন্তু পৰ্ণকাণ্ডত নাম সাঙোৰ খোৱাৰ পাছত সামাজিক মাধ্যমৰ পৰা আঁতৰি আছে কুন্দ্ৰা।
পূৰ্বে সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় আছিল ৰাজ। বিভিন্ন ভিডিঅ’ দিয়াৰ পৰা আৰম্ভ কৰি পাৰিবাৰিক ছুটী কটোৱাৰ ফটো প’ষ্ট কৰালৈকে ।
কিন্তু যোৱা তিনিৰ পৰা চাৰি মাহ ধৰি সামাজিক মাধ্যমত কোনো প’ষ্ট কৰা নাই ৰাজে। আনহাতে, শিল্পা এতিয়াও ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ আছে।