টুইটাৰত বিশ্বৰ সবাতােকৈ প্ৰভাৱশালী ৫০ ব্যক্তিত্বৰ তালিকাত দ্বিতীয় স্থান লাভ কৰিলে ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে।
এই তালিকাত প্রথম স্থান লাভ কৰিছে মার্কিন সংগীত শিল্পী টেইলৰ ছুইফটে। এই তালিকাখনত ভাৰতৰ প্ৰাক্তন ক্রিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰৰ নামাে অন্তর্ভুক্ত হৈছে।
মাইক্র’ ব্লগিং ছাইটটোত মােদীয়ে হৈছে বিশ্বৰ সবাতােকৈ প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিত্ব। টুইটাৰৰ সবাতােকৈ প্ৰভাৱশালী ৫০ ব্যক্তিত্বৰ তালিকাত অভিনেত্রী প্রিয়ংকা চোপ্ৰাৰ স্বামী নিক জনাছ, নিকি মিনাজ, বিয়ন্সে নৱেলছ, ব্রুনু মার্চ, লিয়াম পায়নে, টাকাফুমি হ’ৰি আদিৰ নামাে অন্তর্ভুক্ত হৈছে।
এই তালিকাত অন্তর্ভুক্ত হােৱা প্ৰভাৱশালী ব্যক্তিসকলৰ ৬১ শতাংশ পুৰুষ আৰু ৩৯ শতাংশ মহিলা।তালিকাখনত অন্তর্ভুক্ত ৬৭ শতাংশ ব্যক্তিত্ব আমেৰিকাৰ আৰু ১৩ শতাংশ ব্রাজিলৰ নাগৰিক।





























