Operation sindoor:✒️অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তি উপলক্ষে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাবাহিনীৰ সাহস আৰু সক্ষমতাক প্ৰশংসা কৰি কয় যে সন্ত্রাসবাদক সম্পূৰ্ণ ধ্বংস কৰাৰ সংকল্পত ভাৰত অটল হৈ আছে।
বিগত বছৰৰ সাত মে’ অপাৰেশন সিন্দূৰৰ(Operation Sindoor)অভিযান আৰম্ভ কৰিছিল ভাৰতে। পহলগাম (Pahalgam)ত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে এই অভিযান চলোৱা হৈছিল।
বৃহস্পতিবাৰে ইয়াৰ বৰ্ষপূর্তি উপলক্ষে প্ৰধানমন্ত্ৰীয়ে নিজৰ এক্স হেণ্ডলত লিখে, “এই অভিযানে ভাৰতৰ সশস্ত্ৰ বাহিনীৰ অতুলনীয় সাহস, নিৰ্ভুলতা আৰু দৃঢ় সংকল্পৰ পৰিচয় দিছে। অপাৰেশন সিন্দূৰৰ সন্ত্রাসবাদৰ বিৰুদ্ধে ভাৰতৰ কঠোৰ স্থিতি আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি অবিচল অঙ্গীকাৰ প্ৰতিফলিত কৰিছে।”
মোদীয়ে লগতে কয়, “এই অভিযান ভাৰতৰ তিনিওটা সেনাবাহিনীৰ সমন্বিত শক্তি, পেছাদাৰিত্ব আৰু প্ৰস্তুতিৰ উজ্জ্বল নিদৰ্শন। সমগ্ৰ দেশ সেনাবাহিনীক প্ৰণাম জনায়। সন্ত্রাসবাদক ধ্বংস কৰাৰ সংকল্পত ভাৰত সদায় অটল।”
ইফালে, ভাৰতীয় সেনাবাহিনীয়েও আজি এটা বিশেষ ভিডিঅ’ প্ৰকাশ কৰি কটাক্ষভৰা বাৰ্তা দিয়ে—“সন্ত্রাসবাদীক কোনো ৰেহাই দিয়া নহ’ব। সন্ত্ৰাসবাদীক বিচাৰি বিচাৰি শাস্তি দিব ভাৰত।”
উল্লেখ্য যে, ২২ এপ্ৰিলত দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট(The Resistance Front)ৰ চাৰি সন্ত্ৰাসবাদীয়ে পহলগামত ২৬জন নিৰীহ লোকক হত্যা কৰিছিল। এই সংগঠনটোক লস্কৰ-ই-টাইবাৰ(Lashkar-e-Taiba)ৰ ছাঁ সংগঠন বুলি গণ্য কৰা হয়।
এই আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে সাত মে’ গভীৰ নিশা আৰম্ভ হয় অপাৰেশন সিন্দূৰ। অভিযানত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত থকা নজন সন্ত্ৰাসবাদী ঘাঁটি ধ্বংস কৰা হয়।
ইয়াৰ পাছতে সীমান্তৱৰ্তী ভাৰতীয় অঞ্চল আৰু সেনাঘাঁটিক লক্ষ্য কৰি পাকিস্তানে আক্ৰমণ চলায় বুলি ভাৰতীয় পক্ষই অভিযোগ তোলে। ভাৰতীয় সেনাই সেই আক্ৰমণ প্রতিহত কৰাৰ লগতে ওলোটাই আঘাত হানে।
প্ৰতিবেদন অনুসৰি, পাকিস্তানৰ অন্তত ১১টা বায়ুসেনা ঘাঁটি ক্ষতিগ্ৰস্ত হয়। ভাৰতীয় সেনাৰ অভিযানত ১০০ৰো অধিক সন্ত্ৰাসবাদী আৰু ৩৫-৪০জন পাকিস্তানী সেনা নিহত হোৱা বুলি দাবী কৰা হৈছে।





























