মানুহে কিয় শােৱে? এয়া এক জটিল প্রশ্ন। কাৰণ কোনােবাই যদি কয় মানুহে টোপনি যায় জিৰণিৰ বাবে, আন কোনােবাই আকৌ যুক্তি দর্শায় এয়া এক শাৰীৰিক প্রক্রিয়া।
শৰীৰৰ অংগ-প্রত্যংগই অনবৰতে কার্য সম্পাদন কৰি থকাৰ ফলত এক নির্দিষ্ট সময়ৰ পাছত এইবােৰক জিৰণিৰ প্রয়ােজন। যিয়ে যি ধৰণৰ যুক্তি নিদিয়ক কিয় এটা কথা ঠিক যে প্ৰতিগৰাকী ব্যক্তিৰে এক নির্দিষ্ট সময়ৰ পাছত জিৰণিৰ প্রয়ােজন।
এই জিৰণিৰ সময় দীর্ঘ হােৱাটোৱে হ’ল টোপনিৰ ৰূপ। নির্দিষ্ট সময় টোপনি যােৱাৰ পাছত শৰীৰৰ অংগ- প্রত্যংগসমূহে সতেজ ৰূপত পূর্বৰ দৰে কার্য সম্পাদন কৰিব পাৰে। অর্থাৎ শৰীৰে স্বাভাৱিকভাৱে কার্য সম্পাদন কৰিবলৈ উপযুক্ত খাদ্য সম্ভাৰৰ লগতে টোপনিৰ সমানেই প্রয়ােজন।
শৰীৰিক-মানসিক অৱস্থাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ যিবােৰ উপাদানৰ প্রয়ােজন সেইবােৰৰ ভিতৰত অন্যতম হ’ল টোপনি।
এগৰাকী ব্যক্তিক সুস্থ হৈ থাকিবলৈ যিদুৰে নিতৌ এক নির্দিষ্ট পৰিমাণৰ খাদ্যৰ প্ৰয়ােজন তেনেদৰে দিন-ৰাতিৰ ভিতৰত নির্দিষ্ট সময়ত টোপনিৰাে প্রয়ােজন। কিমান সময় টোপনিৰ প্রয়ােজন।
এনে প্ৰশ্নৰো উত্তৰ সহজতে দিব নােৱাৰি। কাৰণ টোপনিৰ সময় নির্ভৰ কৰে বয়স, লিংগ, পৰিশ্ৰমৰ ধৰণ, ৰােগ আদিৰ ওপৰত। অৱশ্যে টোপনি মানে ভাল টোপনিৰ কথাকে কোৱা হৈছে।
বিছনাত বাগৰি থাকিলেই যে টোপনি যােৱা বুলি ভবা হয় সেয়া যুক্তি সংগত নহয়। কিছুমান লােকৰ বিছনাত উঠাৰ লগে লগে টোপনি আহে।
আন কিছুমানৰ আকৌ সােনকালে বিছনাত উঠিলেও নিশা দুপৰলৈ চটফটাই থাকে। দৰাচলতে টোপনি বিষয়টো নিৰ্ভৰ কৰে ব্যক্তিগৰাকীৰ শাৰীৰিক মানসিক অৱস্থাৰ ওপৰত।
যদি কোনাে এগৰাকী ব্যক্তি মানসিকভাৱে ভাৰাক্ৰান্ত হৈ থাকে অথবা দুশ্চিন্তাৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হয় তেতিয়া হ’লে তেওঁ বিছনাত বাগৰি থাকিলেও টোপনি নাহিব পাৰে।
কেতিয়াবা অত্যধিক পৰিশ্ৰম কৰিলেও টোপনি পলমকৈ আহে। আনহাতে, প্রয়ােজনতকৈ বেছি সময় টোপনি গ’লেও পৰৱর্তী সময়ত টোপনিত ব্যাঘাত জন্মে।
টোপনিত ব্যাঘাত জন্মি থাকিলে চিকিৎসা বিজ্ঞানৰ ভাষাত সেই অৱস্থাটোক কোৱা হয় নিদ্রাহীনতা বা ‘ইনছমনিয়া’। সুস্থ শৰীৰৰ বাবে উপযুক্ত সময় টোপনিৰ প্রয়ােজন যদিও কেতিয়াবা বিভিন্ন কাৰণৰ বাবে এই প্রক্রিয়াত ব্যাঘাত জন্মে।
টোপনি বিষয়টো যিবােৰৰ স’তে জড়িত হৈ আছে আৰু নিদ্রাহীনতাৰ ফলত সৃষ্টি হােৱা সমস্যা সম্পর্কে ব্যাখ্যা কৰা হ’ল। মনঃসংযােগ বিষয়টোৰ স’তে টোপনিৰ ওতঃপ্রােত সম্পর্ক আছে।
যিসকল লােকৰ টোপনি কম বা প্রয়ােজনীয় সময়মতে টোপনি নহয় তেওঁলােকৰ মনঃসংযােগৰ ব্যাঘাত জন্মে। কোনাে এগৰাকী ব্যক্তিয়ে। যদি নিশা উজাগৰে থাকে তেতিয়াহ’লে পিছদিনা দৈনন্দিন কামসমূহ স্বাভাৱিকভাৱে সম্পাদন কৰাত ব্যাঘাত জন্মে।
দৰাচলতে উজাগৰে থাকিলে ইয়াৰ পৰােক্ষ প্রভাৱ পৰে কেন্দ্রীয় স্নায়ুতন্ত্রৰ ওপৰত। স্মৃতি, মনঃসংযােগ আদি বিষয়বােৰ কেন্দ্রীয় স্নায়ুতন্ত্রৰ দ্বাৰা পৰিচালিত হয়।