উত্তৰ প্রদেশ বিধানসভা নির্বাচনৰ ষষ্ঠ পর্যায়ৰ ভােটগ্রহণত মুঠ ৬৭৬ জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। এইসকল প্রার্থীৰ ৬৭০ জনৰ সন্দৰ্ভত গুৰুত্বপূর্ণ তথ্য প্রকাশ কৰিলে এছ’চিয়েচন ফ’ৰ ডেমক্রেটিক ৰিফর্মছ (এডিআৰ) নামৰ সংস্থাটোৱে।
ষষ্ঠ পর্যায়ৰ ৰাজ্যখনত ৫৭ সমষ্টিত ভােটগ্রহণ কৰা হ’ব। প্রতিদ্বন্দ্বিতাৰ অৱতীৰ্ণ হােৱা প্রার্থীসকলৰ সমাজবাদী পার্টিৰ ৮৩ শতাংশই, বিজেপিৰ ৪৪ শতাংশই, কংগ্ৰেছৰ ৩৯ শতাংশ,বিএছপিৰ ৩৯ শতাংশ আৰু আপৰ ১৪ শতাংশই নিজৰ বিৰুদ্ধে ফৌজদাৰী গােচৰ থকা বুলি শপতনামাত উল্লেখ কৰিছে।
আঠজন প্রার্থী বিৰুদ্ধে নাৰীজনিত অপৰাধৰ গােচৰ আছে আৰু ইয়াৰে দুজন ধর্ষণত অভিযুক্ত। শপতনামাত তথ্য দাখিল কৰা ৬৭০ প্রার্থীৰ ৩৫৩ জনে কোটিপতি বুলি স্বীকাৰ কৰিছে। অর্থাৎ ষষ্ঠ পর্যায়ৰ ভােটগ্রহণত প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হােৱা প্রার্থীসকলৰ ৩৮ শতাংশই হৈছে কোটিপতি প্রার্থী।