আজি নিশা কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বগুলামাৰী গাঁৱৰ দশম শ্ৰেণীৰ ছাত্ৰ জেহেৰুল ইছলামক এন্ধাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই হত্যাৰ অপচেষ্টা কৰা ঘটনাই অঞ্চলব্যাপী তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে । ফাৰ্মাচিৰ পৰা দৰৱ লৈ নিশা ঘৰলৈ আহি থকাৰ পথত ১৫ মাৰ্চৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া মেধাবী ছাত্ৰজনক চোকা অস্ত্ৰৰে ঘপিয়াই হত্যাৰ অপচেষ্টা কৰে দুৰ্বৃত্তই ।
অমায়িক স্বভাৱৰ মেধাবী ছাত্ৰজনক দুৰ্বৃত্তই হত্যাৰ অপচেষ্টা কৰা নিকৃষ্ট ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল । শৰীৰৰ বিভিন্ন অংশত দুৰ্বৃত্তই আঘাত কৰা ছাত্ৰজনক মুমূৰ্ষু অৱস্থাত চেনিমাৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় ।
ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ঘটনা সন্দৰ্ভত ছাত্ৰজনৰ অভিভাৱকে আৰক্ষীক অৱগত কৰাত বৰভিঠা আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । তদন্ত সাপেক্ষে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে ।
উল্লেখ্য যে, বিগত কিছুদিন ধৰি কলগাছিয়া আৰক্ষী থানা এলেকাত অপৰাধজনিত ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।