যেতিয়া শৰীৰৰ ওজন স্বাভাৱিক অৱস্থাতকৈ ২০ শতাংশ বেছি হ’লেই মেদবহুল বুলি কোৱা হয়। এশগ্রাম আলুত দুই গ্রাম প্রটিন মিলিগ্রাম কেলছিয়াম ১০ মিলিগ্রাম ভিটামিন ‘চি’ ১৭ মিলিগ্রাম থাকে। তদুপৰি ভিটামিন, খনিজ পদার্থ, গ্রাইকো এলকালয়েডছ, টোটেল নাইট্রজেন আদিও প্ৰচুৰ পৰিমাণে পােৱা যায়।
আনহাতে, ইমান পৰিমাণৰ আলুত থাকে ৮০ কেলৰি। সাধাৰণতে প্ৰতিগৰাকী লােকে দিনটোৰ ভিতৰত কমেও ১০০গ্রাম আলু বিভিন্ন খাদ্যৰ মাধ্যমেদি গ্রহণ কৰে। ফলত ২০ গ্রাম কার্বোহাইড্রেটৰ লগতে এশ মিলিগ্রাম চর্বি শৰীৰত প্ৰৱেশ কৰে।
এইখিনিতে উল্লেখ কৰিব লাগিব যে এই কার্বোহাইড্রেটৰ অধিকাংশই হ’ল ষ্টার্চ আৰু ফাইবাৰ। ইয়াৰ পৰা ওজন বৃদ্ধি হােৱাৰ আশংকা নাথাকে। দিনটোৰ ভিতৰত কিমান আলু খাইছে সেইটোতকৈ সবাতােকৈ গুৰুত্বপূর্ণ বিষয়টোহ’ল কেনেদৰে প্ৰস্তুত কৰা আঞ্জা খাইছে।
যিমানেই তেলত ভাজি মছলা আদিৰে খাব সিমানেই চর্বি জমা হ’ব। সেই বাবে দিনটোৰ ভিতৰত কিমান আলু খাইছে সেইটো হিচাপ ৰখাৰ উপৰি কেনেদৰে প্ৰস্তুত কৰিছে তাৰ ওপৰতাে গুৰুত্ব প্রদান কৰিবই লাগিব। আলু খালেই শকত হােৱা ডায়েবেটিছত আক্ৰান্তৰ আশংকা বৃদ্ধি পােৱা বুলি ভবাটো অমূলক।
আলু একেবাৰে নােখােৱাকৈ থকাটোও উচিত নহয়। এইখিনিতে উল্লেখ কৰিব খুজিছাে যে পৃথিৱীৰ কোনাে খাদ্যই এগৰাকী ব্যক্তিৰ বাবে এশ শতাংশ উপকাৰী নহয়। কাৰণ প্ৰায়ভাগ লােকৰে কিবা নহয় কিবা বেমাৰ থাকিবই। তদুপৰি কিছুমানে আকৌ খাদ্য গ্রহণৰ পাছত এলার্জিজনিত সমস্যাত ভােগে। সেইবাবে প্রতিবিধ খাদ্যই খাব লাগে যদিও সমানেই সতর্কতাৰ প্রয়ােজন।