HEAVY RAIN IN ARUNACHAL : প্ৰকৃতিৰ ওচৰত হাৰ মানিবলগীয়া হ’ব নেকি ৰাষ্ট্ৰৰ কোটিপতি কোম্পানী এন এইচ পি চিয়ে । এইবাৰ ৰুষ্ট প্ৰকৃতিৰ ৰোষত এন এইচ পি চি কৰ্তৃপক্ষ । ইটোৰ পাছত সিটো অঘটন গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ।
২০০০ মেগৱাট সম্পন্ন বৃহৎ নদীবান্ধৰ পৰা জলবিদ্যুৎ উৎপাদন কৰিবলৈ গৈ প্ৰকৃতিৰ তীব্ৰ বাধা আৰোপ প্ৰকল্পস্থীৰ । ইয়াৰ উপৰি খৰটকীয়া কৰিবলৈ গৈ মুখথেকেচা খাইছে নেকি প্ৰকৃতিৰ ওচৰত বহিৰাগত কোম্পানী এন এইচ পি চিয়ে । কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে চিয়ে ঘোষণা কৰাৰ ধৰণে জানুৱাৰী মাহত আৰম্ভ কৰিব পাৰিবনে বিদ্যুৎ উৎপাদনীৰ কাম ?
বান্ধলবীৰ মতে একো নহয় এন এইচ পি চিৰ প্ৰকল্প হ’লে, বিশেষজ্ঞৰ মতে, গেৰুকামুখ থুনুকা পাহাৰত কেতিয়াও হ’ব নোৱাৰে বৃহৎ নদী বান্ধ । যাৰ ফলত পুনৰ খহিল পাহাৰ । ভূমিস্খলনৰ ফলত নিৰাপত্তাহীনতাত ভুগিছে শ্ৰমিক আৰু নামনিবাসী । সুৰংগ খহি ইতিমধ্যে সোৱণশিৰি নদীৰ পানীয়ে বাধা সৃষ্টি কৰি আহিছে প্ৰকল্পৰ কাম-কাজত । তাৰ পাছতো নদীবান্ধ লবীয়ে কয় নদীবান্ধ সুৰক্ষিত |
ইফালে, অৰুণাচল প্ৰদেশৰ পাহাৰত মুষলধাৰ বৰষুণৰ ফলত টানেলে পানী সহিব নোৱাৰি মুখ্য দুৱাৰাৰেও বাগৰিছে পানী । অতিপাত বৰষুণৰ ফলত থুনুকা পাহাৰে যিকোনো সময়তে বান্ধটোৱে আনিব পাৰে বিপদ । সংশয়ত ভুগিছে নামনিবাসী । ইতিমধ্যে, আংশিকভাৱে বন্ধ কৰিবলৈ বাধ্য মূলবান্ধৰ কাম-কাজ ।
উল্লেখ্য, ১৩ জুনত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙৰ সদম্ভে ঘোষণা কৰিছিল নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম ডিচেম্বৰ-জানুৱাৰীত বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ হ’ব । এনে সময়তে অনিশ্চয়তাৰ ভৱিষ্যতক লৈ শংকিত নামনিবাসী ৰাইজ ।
এই ক্ষেত্ৰত স্থানীয় যুৱক তথা আটাছুৰ প্ৰচাৰ সম্পাদক তুলাৰাম গগৈয়ে কয়, “বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনতে স্পষ্টকৈ কোৱা হৈছে- গেৰুকামুখৰ দৰে থুনুকা পাহাৰত কেতিয়াও বৃহৎ নদীবান্ধৰ পোষকতা নহয় । অৰুণাচল প্ৰদেশৰ পাহাৰ নিচেই কোমল । একেদৰে উক্ত ঠাই ভূমিকম্পণ এলেকা । এই কোমল পাহাৰৰত নদীবান্ধ নিৰ্মাণ কৰাটো অমূলক । তাৰ পাছতো বিশেষজ্ঞ সমিতিৰ কথা আওকাণ কৰি আৰু দল-সংগঠনৰ প্ৰতিবাদক অংগুষ্ঠ প্ৰদৰ্শন কৰি ২০০০ মেগৱাট আৰু ১১৬ মিটাৰ উচ্চতা জলবিদ্যুৎ উৎপাদন কামত হাত উজান দিছে বিজেপি নেতৃত্বাধীন চৰকাৰে । শাসনৰ বাঘজৰী নথকাৰ সময়ত বিজেপিয়ে দলীয় কেন্দ্ৰীয় নেতৃত্বক লগত লৈ সোৱণশিৰি বৃহৎ নদীবান্ধৰ বিৰোধিতা কৰিছিল । সেই একে দলে শাসনলৈ অহাৰ পাছত উক্ত জলবোমা সদৃশ প্ৰকল্প নিৰ্মাণ কৰাত উঠি পৰি লাগিছে । ইয়াৰ মানে কি ?” এই ক্ষেত্ৰত বিজেপি চৰকাৰক মিথ্যাচাৰী আখ্যা দি ৰাইজে ইয়াৰ বিচাৰ কৰিব বুলি উল্লেখ কৰে ।
ইফালে, খিলঞ্জীয়া যিসকল শ্ৰমিকে প্ৰকল্পত গৈ কাম কৰি আছে শ্ৰমিকসকলো নিৰাপত্তাহীনতাত ভুগি আছে । জ্ঞাত-অজ্ঞাতভাৱে ইতিমধ্যে বহু শ্ৰমিক প্ৰকল্পস্থলীত নিহত-আহত হৈছে যদিও হিচাপ নাই এন এইচ কৰ্তৃপক্ষৰ হাতত । আনফালে, লখিমপুৰ-ধেমাজি-মাজুলীবাসীৰ মাজত আজিও শংকিত আৰু আতংকিত নামনিবাসী । সভ্যতা আৰু সংস্কৃতিৰ প্ৰতি ভাবুকি অনা জলবোমা সদৃশ এনে প্ৰকল্প ৰাইজে কেতিয়াও গ্ৰহণ নকৰে বুলি উল্লেখ কৰে নেতাগৰাকীয়ে ।