ৰাজনৈতিক দলসমূহক অনুদান দিয়াৰ ক্ষেত্রত নির্বাচনী বণ্ডৰ ব্যৱহাৰত কোনো অস্বচ্ছতা নাই । উচ্চতম ন্যায়ালয়ৰ প্রশ্নৰ উত্তৰত শুকুৰবাৰে এই কথা জনাইছে কেন্দ্রই । নৰেন্দ্র মোদী চৰকাৰৰ তৰফৰ পৰা ছলিছিটৰ জেনেৰেল তুষায় মেহতাই শীর্ষ আদালতত দাবী কৰিছে, নির্বাচনী বণ্ড সম্পূৰ্ণ স্বচ্ছ প্রক্রিয়া । মোদী চৰকাৰৰ এই অৱস্থানক লৈ নানা প্রশ্ন উত্থাপন হৈছে ।
নির্বাচনী বণ্ড ব্যৱহাৰ বন্ধ কৰাৰ আবেদন জনাই এটা স্বেচ্ছাসেৱী সংগঠনে দাখিল কৰা এই গোচৰৰ পৰৱর্তী শুনানি আগন্তুক ছয় ডিচেম্বৰত হ’ব বুলি জনাইছে ন্যায়াধীশ বি আৰ গাভা আৰু ন্যায়াধীশ বি ভি নাগৰত্নক লৈ গঠিত শীৰ্ষ ন্যায়ালয়ৰ বেঞ্চে । প্রায় পাঁচ বছৰ ধৰি উচ্চতম ন্যায়ালয়ত চলি থকা গোচৰ চলাকালীন পাঁচজন প্রধান ন্যায়াধীশ আহিছে । প্রতিবাৰেই মোদী চৰকাৰৰ অটল বণ্ড-প্রীতি স্পষ্ট হৈছে শীর্ষ আদালতত ।
প্রসংগত, নিৰ্বাচনত ক’লা টকাৰ খেল বন্ধ কৰাৰ কথা কৈ কে’বাবাৰো নির্বাচনী বণ্ড আৰম্ভ কৰিছিল নৰেন্দ্র মোদী চৰকাৰে । কেন্দ্রীয় বিত্তমন্ত্রী থকাকালীন ২০১৮ত প্রয়াত অৰুণ জেটলিয়ে নির্বাচনী বণ্ডৰ কথা ঘোষণা কৰিছিল । ২০১৭-ৰ বিত্ত বিলৰ জৰিয়তে আইনত একাধিক সংশোধনী কৰি মোদী চৰকাৰে ২০১৮ৰ পৰা নির্বাচনী বণ্ড আৰম্ভ কৰিছিল । ফলত কোনো ব্যক্তি বা কর্প’ৰেট সংস্থাই ৰাজনৈতিক দলসমূহক চান্দা বিচাৰিলে, বণ্ড ক্ৰয় কৰি সংশ্লিষ্ট দলক দিব লাগিব । এহেজাৰ, ১০ হেজাৰ, এক লাখ, ১০ লাখ আৰু এক কোটি টকা মূল্যৰ বণ্ড পোৱা যাব । ৰাজনৈতিক দলসমূহ নির্দিষ্ট একাউন্টত সেই বণ্ড ভংগ কৰিব পাৰিব । কিন্তু কোনে, কিমান টকা দিছে বুজিব নোৱাৰিব ।
নির্বাচনী বণ্ড আৰম্ভ হোৱাৰ পাছত বিষয়টোৰ স্বচ্ছতাক লৈ প্রশ্ন উত্থাপন হৈছিল । বিৰোধী দল আৰু নির্বাচনী প্রক্রিয়াৰ স্বচ্ছতাক লৈ আন্দোলনকাৰীহকলে অভিযোগ কৰে, ইয়াৰ ফলত অস্বচ্ছতা বাঢ়িব । বিশ্বৰ কোনো দেশতেই এনে ব্যৱস্থা নাই, ৰাজনৈতিক দলসমূহে বণ্ড ভংগ কৰিছে । ফলত কোন কর্প’ৰেট সংস্থাই কাক নিৰ্বাচনত সহায় কৰিছে, তাৰ বিনিময়ত ক্ষমতাশীল দলৰ পৰা কি সুবিধা আদায় কৰিছে, জনাৰ উপায় নাথাকে ।
ইয়াতেই প্রশ্ন বণ্ড-বিৰোধীসকলৰ । তেওঁলোকৰ দাবী, কেন্দ্র আৰু অধিকাংশ ৰাজ্যত ক্ষমতাত থকাৰ সুবাদে নির্বিবাদে অর্থ আমদানিৰ কার্যত ‘চিৰস্থায়ী বন্দোৱস্ত’ কৰিব বিচাৰিছে গেৰুৱা শিবিৰে । সেয়ে তেওঁলোকে নির্বাচনী বণ্ড অটুট ৰাখিবলৈ উঠি-পৰি লাগিছে । পৰিসংখ্যা অনুযায়ী, মূলত ১০ লাখ টকা আৰু এট কোটি টকাৰ বণ্ড ক্ৰয় কৰা হৈছে । য’ৰ পৰা স্পষ্ট, কর্প’ৰেট সংস্থাসমূহে ৰাজনৈতিক দলক চান্দা দি সুবিধা আদায় কৰিব বিচাৰিছে । সেয়ে চান্দা পোৱাৰ নিৰিখত আগবাঢ়ি আছে বিজেপি ।
আনহাতে চৰকাৰৰ যুক্তি, কোনে চান্দা দিছে প্রকাশ কৰিবলৈ গ’লে ইমান দিনৰ দৰে নগদ, ক’লা টকাৰ লেনদেন হ’ব । অৱশেষত বিষয়টো আদালতত উত্থাপন হয় । এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় চিপিএম আৰু ‘এছ’চিয়েছন অৱ ডেম’ক্রেটিক ৰাইটছ’ (এডিআৰ) নামে এটা সংগঠনে । তেওঁলোকৰ আবেদশ, নির্বাচনী বণ্ড বিক্রী নিষিদ্ধ কৰা হওক, অথবা কোনে বণ্ড ক্ৰয় কৰিছে, তেওঁলোকৰ নাম জনোৱা হওক । কিন্তু, দাতাৰ নাম জনোৱাৰ দাবীত সন্মতি দিবলৈও প্ৰস্তুত কেন্দ্র ।






























