Natural Hair Colour :
অনিয়মিত খাদ্যাভাস, শাৰীৰিক অসুস্থতা আৰু নানান প্ৰদূষণত আজিকাল কম বয়েসতেই অনেকৰ চুলি পকি যায় । কম বয়সতে পকা চুলি দেখি অনেকেই হীনমন্যতাত ভুগে । প্রথমতে ছেলোন গৈ গিয়ে, তাৰ পাছত বজাৰৰ পৰা কিনা প্রসাধনীৰে ঘৰত নিজেই ৰং কৰাৰ চেষ্টা কৰে ।
কিন্তু বজাৰৰ পৰা অনা বিভিন্ন ৰাসায়নিক যেনে ছালফেট, পেৰাবেন দিয়া ৰঙে বগা চুলি ঢকাৰ লগতে মূৰৰ ছালৰ যথেষ্ট ক্ষতিও কৰে । অথচ আগতে মানুহে চুলি ৰং কৰিবলৈ মেহেন্দি বা হেনা ব্যৱহাৰ কৰিছিল ।

বিশেষজ্ঞসকলৰ মতে, বজাৰত প্ৰচলতি ৰং ব্যৱহাৰ নকৰি মেহেন্দিৰ দৰে প্রসাধনী ব্যৱহাৰ কৰক । হেনাই চুলি ৰং কৰাৰ লগতে মূৰৰ ছালৰো যত্ন লয় ।
চুলি মসৃণ কৰিবলৈ আৰু চুলিৰ প্রাকৃতিক ৰং ধৰি ৰাখিবলৈ জেতুকা উপযোগী । গছৰ পৰা সতেজ জেতুকা পাত ছিঙি পৰিষ্কাৰ কৰা পিহি চুলিত লগাই এক-দুই ঘণ্টা ৰাখি ধুই দিয়ক । চুলিৰ ৰঙৰ পৰা মূৰৰ উফি সকলো সমস্যাই নির্মূল কৰিব ।

জেতুকা পাত পিহুতে তাত চাহ পাতৰ গুৰি, আমলখিৰ ৰস আৰু কফি মিহলি কৰি ল’ব পাৰে । এই চাৰি উপাদানৰ মিশ্রণত আপোনাৰ চুলি হ’ব মসৃণ । পকা চুলিও ঢাক খাব ।
অৱশ্যে কোনো ৰঙেই স্থায়ী নহয় । এই আভা থাকিব প্রথম সপ্তাহত দুদিন । তাৰ পাছৰ সপ্তাহত এদিন আৰু পাছত মাহে দুবাৰকৈ চুলি হেনা কৰিবই লাগিব ।