Drinking Water Crisis : ভাৰতৰ মাত্র ৩৫ শতাংশ পৰিয়ালক খোৱা উপযোগী পানী সৰবৰাহ কৰে স্থানীয় প্রশাসনে, সমীক্ষাত প্ৰকাশ

UN016418

Drinking Water Crisis :

ভাৰতৰ মাত্র ৩৫ শতাংশ পৰিয়ালে স্থানীয় প্রশাসনৰ পৰা পাইপৰ জড়িয়তে সৰবৰাহ কৰা ভাল মানৰ পানী পায় । ইয়াৰ ভিতৰত উৎকৃষ্ট মানৰ খোৱা উপযোগী পানী সৰবৰাহ হয় মাত্র দুই শতাংশ পৰিয়ালত ! এই তথ্য পোৱা গৈছে সমীক্ষাত । এক নৱেম্বৰৰ পৰা পাঁচ নৱেম্বৰ পৰ্যন্ত ভাৰত জ’ৰ’ ‘জল সপ্তাহ’ পালন কৰা হৈছে । ইয়াৰ মাজতে সমীক্ষাত প্ৰকাশ পালে এই চাঞ্চল্যৰ তথ্য ৷

কমিউনিটি সামাজিক মাধ্যমত প্লেটফর্ম ‘লোকেল চার্কলছ্’ সমীক্ষাটো চলাইছিল । ভাৰতৰ ৩১১খন জিলাৰ ২২ হেজাৰৰো অধিক লোকৰ পৰা প্রয়োজনীয় তথ্য সংগ্রহ কৰি এই সমীক্ষা চলোৱা হৈছিল । যাৰ ভিতৰত ৬৫ শতাংশ উত্তৰদাতা আছিল পুৰুষ আৰু ৩৫ শতাংশ মহিলা । তেওঁলোকৰ ভিতৰত ৪২ শতাংশ লোক বৃহৎ বা মেট্র’ চহৰৰ বাসিন্দা । ৩৩ শতাংশ সৰু চহৰৰ বাসিন্দা আৰু বাকী ২৫ শতাংশ গ্রামাঞ্চলৰ বাসিন্দা ।

সামগ্রিক সমীক্ষাৰ ভিত্তিত মাত্র ৩৫ শতাংশ ভাৰতীয় পৰিয়ালে স্থানীয় প্রশাসনে সৰবৰাহ কৰা পানী খোৱা উপযোগী হিচাপে চিহ্নিত কৰিছে ।

পাইপৰ জড়িয়তে সৰবৰাহ কৰা পানীৰ মান উন্নতি কৰাৰ প্রয়োজনত ২০১৯ত জলশক্তি মন্ত্রণালয় গঠন কৰে কেন্দ্র‌ই ৷ ২০২৪ৰ ভিতৰত ভাৰতৰ সমস্ত পৰিয়ালত পাইপৰ জড়িয়তে খোৱা উপযোগী পানী সৰবৰাহ কৰাৰ লক্ষ্যৰে ২০১৯ত ‘জলজীৱন মিছন’ আৰম্ভ কৰে জলশক্তি মন্ত্রণালয়ে । কিন্তু তাৰ পূৰ্বে প্রকাশিত এই সমীক্ষাৰ ফলাফল উদ্বেগজনক বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে ।

Exit mobile version