উত্তৰ হিমালয়ৰ কোলাত ১১ হেজাৰ ৫৬২ ফুট উচ্চতাত থকা লেহৰ সৰু চহৰ । চীন সীমান্তৰ নিচেই কাষত ছবিৰ দৰে সুন্দৰ এই চহৰ । লাদাখ ৰিজিয়নত এই অঞ্চল অধিকাংশ সময়েই তুষাৰেৰে ঢাক খাই থাকে । অত্যন্ত দুর্গম এই অঞ্চল । সেই দুর্গমতাৰ বাধা নেওচি এইবাৰ তাৰ ৬০খন গাঁৱত ২৪ ঘণ্টা পানীৰ ব্যৱস্থা কৰিলে চৰকাৰে । চৰকাৰী ইঞ্জিনিয়াৰ আৰু ঠিকাদাৰসকলে জল জীৱন মিছনৰ অধীনত তাত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিছে ।
ইপিনে, চৰকাৰী সূত্রে খবৰ, ২০২৪ৰ ভিতৰত দেশৰ প্রতিটো ঘৰত বিশুদ্ধ খোৱা পানী দিয়াৰ লক্ষ্যমাত্রা গ্ৰহণ কৰা হৈছে । ২০১৪ৰ ইউএন ৱাটাৰ প্ৰতিবেদন অনুসৰি কোৱা হৈছিল, দেশৰ প্রায় ১২০ মিলিয়ন গৃহত সঠিকভাৱে বিশুদ্ধ খোৱা পানী উপলব্ধ হোৱা নাই । আনহাতে, ১০ নৱেম্বৰৰ পৰিসংখ্যা অনুসৰি, প্রায় ৮৪.৭ মিলিয়ন গৃহত ইতিমধ্যে নলবাহিত পানীৰ ব্যৱস্থা কৰা হৈছে । গ্রামীন জনসংখ্যাৰ প্রায় ৪৪ শতাংশ বাসিন্দাৰ গৃহত এই পানী দিয়া সম্ভৱপৰ হৈছে ।
বিজ্ঞানী সুবিথা লক্ষ্মীনাৰায়ণ আৰু ৰামকৃষ্ণান জয়লক্ষ্মীৰ গবেষণাত দেখা গৈছে, দেশত ডায়েৰিয়াত, শিশু মৃত্যুৰ অন্যতম কাৰণ হ’ল বিশুদ্ধ খোৱা পানীৰ অভাৱ । এইবাৰ লেহ পর্যন্ত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ বিশেষ উদ্যোগ গ্ৰহণ কৰে চৰকাৰে । লেহৰ প্রত্যন্ত গাঁৱত ডিপলিঙত খোৱা পানীৰ পাইপ লাইন দিয়া আছিল বৃহৎ প্ৰত্যাহ্বান । সেই পৰীক্ষাতো সফল হৈছে দেশ । জলশক্তি মন্ত্রণালয়ৰ অতিৰিক্ত সচিব ভাৰত লালে কয়, আকাশপথতো ইঞ্জিনিয়াৰ, শ্রমিকসকলক পঠোৱা হ’ব । জিলা প্রশাসনে জনাইছে কিছু ক্ষেত্রত প্রকল্প আৰম্ভ কৰিবলৈ ছোলাৰ ইউনিটৰো ব্যৱস্থা কৰা হৈছে ।