Gujarat Election: গুজৰাট বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

6a24d6dd dac2 482a ad4d 63dec0d89b12

Gujarat Election :

সকলো জল্পনা- কল্পনা অন্ত পেলাই দেশৰ নিৰ্বাচন আয়োগে আজি গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে ৷ নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজিব কুমাৰে প্ৰকাশ কৰে যে, ৰাজ্যখনৰ ১৮২টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব দুটা পৰ্যায়ত ৷ প্ৰথম পৰ্যায়ত ১ ডিচেম্বৰত ৮৯খন আসন আৰু দ্বিতীয় পৰ্যায়ত ৫ ডিচেম্বৰত ৯৩ খন আসনৰ বাবে ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৷ আনহাতে নিৰ্বাচনৰ ভোটগণনা হ’ব ৮ ডিচেম্বৰত ৷

উল্লেখ্য যে ৰাজ্য খনৰ মুঠ ভোটাৰৰ সংখ্যা ৪.৯০ কোটি ৷ ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ২.৫৩ কোটিৰ বিপৰীতে মহিলা ভোটাৰ হ’ল

২.৩৭ কোটি মহিলা৷আনহাতে তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৪১৭ গৰাকী ৷ ৰাজ্য খনৰ তৰুণ ভোটাৰৰ সংখ্যা ৩.২৪ লাখ ৷
নিৰ্বাচন আয়োগে নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ প্ৰায় ৫১,৭৮২ টা ভোট কেন্দ্ৰ স্থাপনৰ বিপৰীতে আদৰ্শ ভোট কেন্দ্ৰ স্থাপন কৰিছে ১৮২ টা ৷

মনকৰিবলগীয়া যে নিৰ্বাচন আয়োগে জানিব দিয়া মতে ৰাজ্য খনৰ পঞ্চাশ শতাংশ ভোটকেন্দ্ৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰিছে ৷ অহা বছৰৰ ১৮ ফেব্ৰুৱাৰীত কাৰ্যকাল অন্ত পৰিবলগীয়া ৰাজ্য বিধানসভাৰ মুঠ ১৮২ আসনৰ ভিতৰত ২৭ বিধানসভা এছ টিৰ বাবে সংৰক্ষিত কৰা হৈছে ৷

স্মতৰ্ৱ্য যে বিধানসভা নিৰ্বাচন দিন ঘোষণাৰ দুমাহৰ পূৰ্বৰে পৰা শাসনাধিষ্ঠ বিজেপি ব্যাপক নিৰ্বাচনী কুজকাৱাজ আৰম্ভ কৰিছিল ৷
আনহাতে দীৰ্ঘদিন ধৰি শাসনৰ গাদীত থকা বিজেপিত উৎখাত কৰিবৰ বাবে আপৰ মুৰব্বী অৰবিন্দ কেজৰিয়ালে ইখনৰ পিছত সিখনকৈ সভা পাতি বিজেপিৰ নিদ্ৰা হৰণ কৰিছে ৷একেদৰে পিছপৰি থকা বিৰোধী শিৱিৰত থকা কংগ্ৰেছ ৷

শেহতীয়াকৈ যোৱা দুদিন ধৰি আহমেদাবাদত বাহৰ পাতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেইবাখনো সভাত অংশ লৈ দলটোক পুনৰ শাসনত অধিস্থিত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷

Exit mobile version