Demonetisation Anniversary : নোটবন্দীৰ ছবছৰত ৰেকর্ড বৃদ্ধি নগদৰ যোগানত

আছিল ১৭.৭, বাঢ়ি হ'ল ৩০.৮৮ লাখ কোটি

download 1 2

Demonetisation Anniversary :
বিদেশৰ পৰা ক’লা টকা ঘূৰাই অনা, সন্ত্রাসবাদী কাৰ্যত অর্থৰ যোগানত বাধা আৰু সর্বোপৰি ভাৰতক ডিজিটেল নির্ভৰ কৰি তোলাই লক্ষ্য বুলি জনাইছিল কেন্দ্রীয় চৰকাৰে (Demonetisation Anniversary) । সেই মৰ্মে, ছবছৰ পূৰ্বে, ২০১৬-ৰ আঠ নৱেম্বৰত মাজনিশাই নোটবন্দীৰ ঘোষণা কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে (Narendra Modi) । কিন্তু নোটবন্দীৰ ছবছৰ পাছতো, দেশৰ অর্থনীতি নগদমুক্ত কৰাতো দূৰ, অভ্যন্তৰীণ বজাৰত নগদৰ যোগান পূৰ্বতকৈ বাঢ়িছে কমা নাই ।

কিন্তু যোৱা শুকুৰবাৰে ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ (Reserve Bank of India) প্রকাশিত হিচাপ অনুসৰি, ২০২২ৰ ২১ অক্টোবৰ পর্যন্ত হিচাপ অনুযায়ী, দেশত নগদৰ যোগান বাঢ়ি ৩০.৮৮ লাখ কোটি টকা হৈছে । ২০১৬-ৰ চাৰি নৱেম্বৰত ভাৰতৰ বজাৰত নগদৰ যোগান আছিল ১৭.৭ লাখ কোটি টকা‌ । ২০১৬ৰ নৱেম্বৰৰ তুলনাত সম্প্ৰতি দেশৰ মানুহৰ হাতত নগদৰ যোগান ৭১.৮৪ শতাংশ অধিক বুলি জনাইছে আৰবিআয়ে (RBI) ।

ছপোৱা নগদ নোট আৰু ক‌ইন ধৰা হৈছে, যি পণ্য কিনা-বেচা, ব্যক্তিগত আৰু ব্যৱসায়িক লেনদেনৰ ক্ষেত্রত ব্যৱহৃত হয় । বেংকসমূহত নগদৰ যোগান কমোৱাৰ পাছতো এই হিচাপ পোৱা গৈছে, য’ৰ পৰা বুজিব পৰা যায় যে, ভাৰতীয় অর্থনীতিত নগদৰ ব্যৱহাৰ বাঢ়িছে কমা নাই । অনলাইন লেনদেন এতিয়াও বিকল্প হৈয়েই আছে ।

২০১৬ৰ আঠ নৱেম্বৰত আগতীয়া ঘোষণা নকৰাকৈয়ে নোটবন্দীৰ কথা দেশবাসীক জনায় প্ৰধানমন্ত্ৰী মোদীয়ে । নিশা আঠ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে আৰু সেই দিনাই মাজ নিশাৰ পৰা বাতিল কৰা হয় পুৰণি পাঁচশ আৰু এহেজাৰ টকাৰ নোট । ক’লা টকা, দুর্নীতি, সন্ত্রাস ৰোধ কৰিবলৈ আৰু দেশক ডিজিটেল নির্ভৰশীল কৰি তুলিবলৈ এই সিদ্ধান্ত বলি জনোৱা হয় ।

কেন্দ্রৰ সেই সিদ্ধান্তৰ তীব্র সমালোচনা কৰে বিৰোধীসকলে । অর্থনৈতিক বিশেষজ্ঞসকলেও ইয়াৰ সুদূৰপ্রসাৰী প্রভাৱৰ কথা কয় । যদিও নিজৰ অৱস্থানত অটল কেন্দ্র । সেই নোটবন্দীৰ ছবছৰ পূর্তিত পুনৰ কেন্দ্রৰ সমালোচনা কৰে কংগ্রেছ সাংসদ ৰাহুল গান্ধীয়ে । মঙলবাৰে টুইটাৰত তেওঁ হিন্দীত লিখে, ‘ক’লা টকা নাহিল, কেৱল দাৰিদ্র্য আহিল, অর্থনীতি নগদমুক্ত নহ’ল, দুৰ্বল নহ’ল সন্ত্রাসবাদী শক্তি, কোটি কোটি সৰু ব্যৱসায়ী, উপাৰ্জন বন্ধ হৈছে, ‘ৰজা’ই ৫০ দিনৰ কথা কৈ অর্থনীতিয়েই ধ্বংস কৰি পেলালে ‘।

Exit mobile version