Fish : সাগৰত জাল পেলাই ,মাছ বিক্ৰী কৰি ৰাতিটোতে হ’ল লাখপতি,

1668935575 fish

Fish :

সাগৰৰ পানীত জাল পেলাই ৰাতিটোতে ধনী হ’ল মাছমৰীয়া । জাল টানি তুলিবলৈ লোৱাৰ সময়তে পালে প্ৰচুৰ পৰিমাণৰ মাছ । সেই অত্যধিক পৰিমাণৰ মাছ বিক্ৰি কৰি কে’বালাখ টকা পালে মাছমৰীয়াই । ঘটনাটো বাংলাদেশৰ কক্সবজাৰৰ টেকনাফ উপজিলাৰ শ্বাহপাৰি দ্বীপ অঞ্চলত সংঘটিত হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি শনিবাৰে আবেলি মহম্মদ কালিম উল্লাহ নামৰ এজন মাছমৰীয়াৰ জালত বিভিন্ন প্ৰজাতিৰ বহুতো মাছ ধৰা পৰে। পাছত তেওঁ মাছটো কে’বাজনো ব্যৱসায়ীক মুঠ ন লাখ টকাত বিক্ৰী কৰে। তথ্য অনুসৰি মাছমৰীয়াজনে শনিবাৰে পুৱতি নিশা জাল পেলাইছিল আৰু আবেলি, জালখন উলিয়াই অনা হৈছিল।

অৱশ্যে, মাছমৰীয়াজনে অকলে জাল টানিব নোৱাৰিলে। ইমান বৃহৎ সংখ্যক মাছ ধৰাৰ বাবে, প্ৰায় ১৫ জন লোকে একেলগে জালখন টানে।

তাৰ পাছত, জালত ইমান মাছ দেখি সকলোৱে হতবাক হৈ পৰে। অৱশ্যে, অতীততো, মাছমৰীয়াজনে যথেষ্ট মাছ ধৰি লাভৰ সন্মুখীন হয় । যোৱা বছৰ এই সময়ত, তেওঁ মাছ বিক্ৰী কৰি প্ৰায় ন লাখ টকা উপাৰ্জন কৰে।

Exit mobile version