Rahul Gandhi : বাইক চলাই মধ্যপ্রদেশৰ চহৰত প্রৱেশ ৰাহুল গান্ধীৰ

rahul gandhi bike ride 95803518

Rahul Gandhi :

দলীয় কাৰ্যসূচী চলাকালীন বাইক চলাই চহৰত প্ৰৱেশ কৰিছে ৰাহুল গান্ধীয়ে । আশ-পাশৰ ভিৰ আঁতৰাইছে নিৰাপত্তাৰক্ষী আৰু দলীয় কর্মীয়ে । দেওবাৰে এই ছবি পৰিলক্ষিত হ’ল মধ্যপ্রদেশৰ অম্বেডকৰনগৰত । মধ্যপ্রদেশত কংগ্রেছৰ ‘ভাৰত জোড়ো যাত্রা’ চলাকালীন দেখা যায় এই ছবি ।

শনিবাৰে মধ্যপ্রদেশৰ মোৰটক্কা গাঁৱৰ পৰা আৰম্ভ হয় ‘ভাৰত জোড়ো যাত্রা’ । যাৰ নেতৃত্বত আছিল ৰাহুল । লগত আছিল প্রিয়ংকা বঢৰা আৰু তেওঁৰ স্বামী ৰবার্ট বঢৰাও । দেওবাৰে সেই যাত্রা প্রৱেশ কৰে অম্বেডকৰনগৰত । হেলমেট পৰিধান কৰি বাইক চলাই চহৰত প্ৰৱেশ কৰে ৰাহুলে । উপস্থিত নিৰাপত্তাৰক্ষী আৰু দলীয় কর্মীসকলক পথৰ দুপাশৰ ভিৰ আঁতৰোৱা দেখা যায় । ৰাহুলক লৈ দলীয় কর্মী আৰু সমর্থকসকলথ উচ্ছ্বাস লক্ষ্যণীয় আছিল ।

বিগত ছেপ্টেম্বৰত তামিলনাডুৰ পৰা আৰম্ভ হৈছে ৰাহুলৰ এই ‘ভাৰত জোড়ো যাত্রা’ । ইতিমধ্যে সেই যাত্রা সাত ৰাজ্যৰ ৩৪খন জিলাত হৈছে । অহা জানুৱাৰীত অন্ত পৰিব এই কাৰ্যসূচীৰ ।

Exit mobile version