Opinion :
তেতিয়াও ডিচেম্বৰৰ হাড় কঁপোৱা জাৰ । প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ ভ্ৰমণসংগীৰূপে ব্ৰাছেলছৰ পৰা বাৰ্লিন অভিমুখে উৰা মাৰিছো । ইতিমধ্যে নতুন দিল্লীৰ পৰা ব্ৰাছেলছলৈ অহাৰ দুই-তিনিদিন পাৰ হৈছিল ।
পূৰ্বতে প্ৰধানমন্ত্ৰী বিদেশ ভ্ৰমণলৈ ওলালে দেশৰ বিভিন্ন সংবাদ মাধ্যমৰ কেইগৰাকীমান সাংবাদিকক ভ্ৰমণসংগীৰূপে নিয়াৰ পৰম্পৰা আছিল । তেনে ভ্ৰমণকালতে সেইকেইগৰাকী সাংবাদিকে প্ৰধানমন্ত্ৰীক ঘনিষ্ঠভাৱে সাক্ষাতৰ সুযোগ লাভ কৰিছিল ।
প্ৰধানমন্ত্ৰীয়েও বহু সময়ত সাংবাদিকসকলৰ পৰা দেশৰ বিভিন্ন বিষয়ৰ খা-খবৰ লৈছিল আৰু জনতাৰ মনোভাৱ বুজাৰ চেষ্টা কৰিছিল । প্ৰথম অৱস্থাত সম্পূৰ্ণ খৰচ কেন্দ্ৰীয় চৰকাৰেই বহন কৰিছিল যদিও পাছলৈ ভ্ৰমণকালত হোটেলৰ ব্যয় সংশ্লিষ্ট সংবাদ প্ৰতিষ্ঠানে বহন কৰিবলগীয়া হৈছিল ।
সন্দেহ নাই যে বিভিন্ন ৰাজ্যৰ পৰা বাছনি কৰি নিয়া সাংবাদিকসকলৰ বাবে ই এক অতি গুৰুত্বপূৰ্ণ এক্সপ’জাৰ আছিল । অৱশ্যে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পাছত আন বহুবোৰৰ দৰে সেই পৰম্পৰাৰো অন্ত পৰে ।
চৰকাৰী ব্যয় হ্ৰাসৰ বাবেই এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি চৰকাৰীভাৱে কোৱা হয় । পূৰ্বৰ দৰে বিভিন্ন সাংবাদিকৰ দল নিয়াৰ পৰিৱৰ্তে এক বিশেষ নিৰ্দিষ্ট এজেন্সী আৰু কোনো কোনো সময়ত প্ৰসাৰ ভাৰতীৰ সাংবাদিকক নিয়াৰ নিয়ম কৰা হয় ।
তেতিয়াৰে পৰা আঞ্চলিক ভাষাৰ সংবাদ মাধ্যমৰ সাংবাদিকে এক অতি প্ৰয়োজনীয় অভিজ্ঞতা লাভৰ সুযোগ হেৰুৱাবলগীয়া হয় ।
সি যি কি নহওক, দুই-তিনিদিন পাৰ হৈ যোৱাৰ পাছতো প্ৰধানমন্ত্ৰীক তেতিয়ালৈকে ঘনিষ্ঠভাৱে সাক্ষাতৰ সুযোগ নোপোৱা হেতুকে আমাৰ সাংবাদিকৰ দলটোৰ মাজত লাহে লাহে মৃদু অসন্তোষৰ সৃষ্টি হ’বলৈ লৈছিল । প্ৰথম দুদিন ইউৰোপীয়ান ইউনিয়নৰ অধিবেশনকে ধৰি একাধিক গুৰুত্বপূৰ্ণ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী ড॰ সিঙে অংশগ্ৰহণ কৰিছিল আৰু আমিও সেইবোৰৰ বাতৰি সংগ্ৰহত ব্যস্ত থাকিবলগীয়া হৈছিল ।
তদুপৰি ইউৰোপতকৈ ভাৰতৰ সময় কে’বাঘণ্টা আগত হোৱা হেতুকে ভাৰতীয় সাংবাদিকসকলে নিজৰ নিজৰ ডেডলাইন ধৰিবলৈ দিনটোৰ শেষৰ ফালে যথেষ্ট দৌৰাদৌৰি কৰিবলৈ বাধ্য হৈছিলো । তাৰ পাছতো ড॰ সিঙৰ সাক্ষাতৰ সুযোগৰ অপেক্ষাত আছিলো ।
ব্ৰাছেলছৰ পৰা খুব পুৱাতে বাৰ্লিনলৈ যাত্ৰা কৰা হেতুকে এয়াৰ ইণ্ডিয়া-ৱান বিমানে উৰা মৰাৰ পাছতে পৰিচাৰিকাই আমাক সুস্বাদু পুৱাৰ আহাৰ যোগান ধৰিছিল । আমি প্ৰত্যেকে সেয়া হাতত লোৱাৰ খন্তেক পাছতে প্ৰধানমন্ত্ৰী ড॰ সিং তেওঁৰ প্ৰেছ সচিব, পিএমঅ’ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ দুজন শীৰ্ষ বিষয়াৰ স’তে সাংবাদিকসকলৰ সন্মুখলৈ আহি আমাৰ সকলোকে এফালৰ পৰা নমস্কাৰ দি আগবাঢ়িল ।
কোনো আগজাননী অবিহনেই তেওঁ তেনে সময়ত ওলাই অহাৰ কাৰণ আমি ধৰিব পাৰিছিলো । দৰাচলতে সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হ’বলৈ তেওঁ আগ্ৰহ কৰা নাছিল । সেই কাৰণে পিএমঅ’ৰ চতুৰ বিষয়াসকলে আমি পুৱাৰ আহাৰ গ্ৰহণ কৰি থকাৰ সুযোগ লৈ তেওঁক সেই সময়ত উলিয়াই আনিছিল, যাতে বেছি প্ৰশ্নোত্তৰৰ সুযোগ নাথাকে ।
তেনেদৰে এটা শাৰী পাৰ হৈ আহি ড॰ সিং মোৰ আসনখনতে হাতেৰে ধৰি কাষতে ৰৈ দিলে । ইতিমধ্যে আন কে’বাজনো জ্যেষ্ঠ সাংবাদিক আসনৰ পৰা উঠি আহিল যদিও ঠাইখিনি ঠেক হোৱা হেতুকে বৰ সুবিধা কৰিব নোৱাৰিলে ।সেই সময়ত ২-জি স্পেকট্ৰাম কেলেংকাৰিৰ অভিযোগক লৈ দেশ একপ্ৰকাৰ উত্তাল ।
সংসদৰ শীতকালীন অধিবেশন চলি আছিল যদিও এদিনো ইয়াৰ কাৰ্যসূচী আৰম্ভ হ’বলৈ দিয়া নাছিল বিৰোধীয়ে । ২-জি স্পেকট্ৰাম প্ৰধানমন্ত্ৰী আৰু চৰকাৰৰ বাবে প্ৰচণ্ড মূৰ কামোৰণি হৈ উঠিছিল ।
সেই বিষয়টো উনুকিওৱাৰ লগে লগে ড॰ সিঙে চৰম বিৰক্তি আৰু হতাশা প্ৰকাশ কৰি ক’লে যে শেহতীয়া ঘটনাৱলীয়ে সংসদীয় পৰম্পৰাৰ প্ৰতিয়েই তেওঁৰ অনীহাৰ সৃষ্টি কৰিছে । কোনো ধৰণৰ বিতৰ্কিত অথবা ৰাজনৈতিক বক্তব্য প্ৰকাশ নকৰাৰ বাবে জনাজাত প্ৰধানমন্ত্ৰীগৰাকীৰ এই মন্তব্যই আমাক আশ্চৰ্যান্বিত কৰিছিল ।
উৰন্ত বিমানত মাইক অবিহনে স্বভাৱজাতভাৱেই অস্ফুট স্বৰত কথা কোৱা ড॰ সিঙৰ ভাষ্যখিনি সম্পূৰ্ণকৈ আৰু শুদ্ধভাৱে টুকি লোৱাটো কেৱল মোৰ বাবেহে সেইদিনা সম্ভৱ হৈছিল; কিয়নো তেওঁ মোৰ আসনতে হাতেৰে ধৰি থিয় দি আছিল ।
চমু বাৰ্তালাপৰ অন্তত আমাৰ কোনো অসুবিধা হোৱা নাইতো বুলি সৌজন্যমূলক প্ৰশ্ন কৰি তেওঁ নিজৰ কোঠাৰ দিশে আগবাঢ়িছিল । ময়ো প্ৰধানমন্ত্ৰীৰ ভাষ্যখিনি আনসকলক টুকি ল’বলৈ দি খোৱাত মনোযোগ দিছিলো ।
ইতিমধ্যে মাত্ৰ ডেৰঘণ্টা পথ অতিক্ৰম কৰি আমাৰ বিমান বাৰ্লিনৰ আকাশত উপস্থিত হৈছিল । ক্ৰমশঃ তললৈ নামিবলৈ ধৰা বিমানৰ খিৰিকীৰে দেখিছিলো বৰফৰ শুকুলা চাদৰৰ তলত ঐতিহাসিক চহৰখন ।
দেশবাসীৰ অযুত আশা কঢ়িয়াই ফুৰা সংসদ-বিধানসভাৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰিবলৈ গৈ হঠাৎ মনলৈ অহা কাৰণে প্ৰসংগক্ৰমে এইখিনি দাঙি ধৰিলো । বৃহৎ পৰিমাণৰ ৰাজহুৱা ধন ব্যয়ৰে আয়োজিত সংসদেই হওক অথবা বিধানসভাৰ অধিবেশনেই হওক, কেৱল নিকৃষ্ট স্বাৰ্থান্বেষী ৰাজনীতিৰ আখৰাথলীতহে পৰিণত হৈছে ।
দেশবাসীক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰা বিষয়বোৰ উপযুক্তভাৱে আলোচনাৰ পৰা কৌশলৰে আঁতৰাই ৰখা হৈছে । কেতিয়াবা শাসক পক্ষই আৰু কেতিয়াবা বিৰোধীয়ে নিজৰ স্বাৰ্থ পূৰণৰ মাধ্যমৰূপে ব্যৱহাৰ কৰিছে এনেবোৰ অধিবেশনক ।
ড॰ সিঙৰ ইউপিএ চৰকাৰৰ কাৰ্যকালত ২-জি স্পেকট্ৰাম নিলামত ৰাজকোষৰ এক লাখ ৭৬ হেজাৰ কোটি টকাৰ লোকচানৰ আশংকা প্ৰকাশ কৰিছিল নিয়ন্ত্ৰক আৰু মহাগাণনিক (কেগ)এ । নিলামৰ ক্ষেত্ৰত হোৱা দুৰ্নীতিৰ বাবেই এনে লোকচান ৰাজকোষে ভৰিবলগীয়া হৈছিল বুলিও কোৱা হৈছিল ।
ইয়াত জড়িত বুলি ধাৰণা কৰা ধনৰ পৰিমাণটো ইমানেই বৃহৎ আছিল যে ইয়াক সম্পূৰ্ণকৈ লিখি পঢ়ুৱৈক বুজোৱাটোও সমস্যা আছিল । সেইবাবে সেই পৰিমাণৰ ধনৰ দ্বাৰা দেশত কিমান কি আন্তঃগাঁথনি গঢ়ি তোলা সম্ভৱ হ’লহেঁতেন তাৰ দীঘলীয়া তালিকা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল ।
গতিকে কেগৰ প্ৰতিবেদনত প্ৰকাশিত এনে এটা দুৰ্নীতিৰ অভিযোগত চৰকাৰক ধৰাশায়ী কৰিবলৈ বিৰোধীয়ে কোনো সুযোগ এৰি নিদিয়াটোৱে স্বাভাৱিক । ইয়াৰ ফলশ্ৰুতিত সেই সময়ছোৱাত অনুষ্ঠিত সংসদৰ অধিবেশনৰ কাৰ্যসূচী বিৰোধীৰ ধাৰাবাহিক প্ৰতিবাদৰ ফলত এদিনৰ বাবেও সুচাৰূপে সম্পন্ন হ’ব পৰা নাছিল ।
সেই বছৰ ২০১০ৰ শীতকালীন অধিবেশন চলিছিল মাত্ৰ নঘণ্টাৰ বাবে । গতিকে ড॰ সিঙৰ বিৰক্তি তথা হতাশা সহজে অনুমেয় । ২-জি স্পেকট্ৰামৰ কেলেংকাৰিৰ অভিযোগক লৈ ৰাজনীতি হ’ল, পৰৱৰ্তী নিৰ্বাচনত ইউপিএ ক্ষমতাচ্যুত হ’ল; কিন্তু ইয়াৰ তদন্তৰ পৰিণতি শূন্য ।
২০১৭ত চিবিআই আদালতে আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা কৰিলে । সমগ্ৰ কাণ্ডটোৱে ফুচ-ফাচ হ’ল । কোনে কাক ব্যৱহাৰ কৰি উপকৃত হ’ল, সেয়া লোকচক্ষুৰ আঁতৰতে ৰৈ গ’ল ।
দৰাচলতে ভাষণত যিয়েই কোৱা নহওক, সংসদ আৰু বিধানসভাসমূহ ক্ৰমাৎ এৰাব নোৱাৰা আনুষ্ঠানিকতাতহে পৰিণত হৈছে । দেশৰ জ্জ্বলন্ত সমস্যাসমূহ যুক্তিপূৰ্ণ আলোচনাৰ মাধ্যমেৰে সমাধান সূত্ৰ উলিওৱাৰ পৰিৱৰ্তে ই কেৱল বাজেট গৃহীত কৰা যন্ত্ৰত পৰিণত হৈছে ।
বিধানসভাৰ অৱস্থা তাতোকৈ শোচনীয় হৈ পৰিছে । দল তথা চৰকাৰ নিবিৰ্শেষে একেই স্থিতি পৰিলক্ষিত হৈছে বিগত কে’বা দশক ধৰি বিৰোধীয়ে জৰুৰী তথা দেশৰ বাবে গুৰুত্বপূৰ্ণ আখ্যা দি কোনো বিষয়ৰ আলোচনাৰ দাবী কৰাৰ বিপৰীতে শাসক পক্ষই কোনোপধ্যে তাত মান্তি নোহোৱাৰ পৰিপ্ৰেক্ষিতত সততে সংসদ-বিধানসভাত অচলাৱস্থাৰ সৃষ্টি হৈ আহিছে ।
১৯৯৯ৰ পৰা উপলব্ধ তথ্য অনুসৰি ২০১০ৰ শীতকালীন অধিবেশনেই এই পৰ্যন্ত আটাইতকৈ কম ফলপ্ৰসূ । সেই অধিবেশন ক্ৰমে ৰাজ্যসভাত মাত্ৰ দুই আৰু লোকসভাত ছয় শতাংশহে উৎপাদনশীল হৈছিল । ২-জি কেলেংকাৰিৰ অভিযোগৰ তদন্তৰ বাবে যুটীয়া সংসদীয় সমিতি গঠনৰ দাবীত সেই সময়ত বিৰোধীৰ আসনত উপবিষ্ট বিজেপিয়ে সদনৰ কাৰ্যসূচী চলিবলৈ দিয়া নাছিল ।
সংসদৰ কাৰ্যসূচী বাধাগ্ৰস্ত কৰাৰ প্ৰথমটো ঘটনা সংঘটিত হৈছিল ১৯৬৩ত । সংসদৰ যুটীয়া অধিবেশনত ৰাষ্ট্ৰপতি সবৰ্পল্লী ৰাধাকৃষ্ণণে ভাষণ প্ৰদান কৰাৰ সময়ত লোকসভাৰ কেইগৰাকীমান সাংসদে সদন ত্যাগ কৰি সকলোকে হতবাক কৰি তোলে ।
পাছত অৱশ্যে লোকসভাই সাংসদসকলক এনে অবাঞ্ছিত আচৰণৰ বাবে ভৎৰ্সনা কৰে তাৰ পাছত ১৯৮৯ত থক্কৰ আয়োগৰ প্ৰতিবেদনক লৈ আলোচনাৰ সময়ত ৬৩ গৰাকী সাংসদক লোকসভাৰ পৰা নিলম্বিত কৰা হয় ।
তেনেদৰে ২০১০ত মহিলাৰ বাবে সংলক্ষণ সম্পৰ্কীয় বিধেয়ক সংশ্লিষ্ট মন্ত্ৰীৰ পৰা কাঢ়ি নিয়া হেতুকে ৰাজ্যসভাৰ সাতগৰাকী সাংসদক নিলম্বিত কৰা হয় । তাৰ পাছৰে পৰা সদনত সমস্বৰে শ্ল’গান দিয়া, প্লেকাৰ্ড প্ৰদৰ্শন কৰা, মন্ত্ৰী তথা অধ্যক্ষৰ পৰা কাগজ-পাতি কাঢ়ি অনা, নথি-পত্ৰ ফালি চিৰি দলিওৱা, প্ৰতিপক্ষলৈ চোঁচা লোৱা আৰু আনকি জালুকৰ গুৰি ছটিওৱাৰ দৰে ঘটনাবোৰ স্বাভাৱিক আৰু নিয়মীয়া হৈ পৰে ।
এনেদৰেই সদনৰ পৱিত্ৰতা, মৰ্যাদা আদি ধূলিসাৎ কৰি পেলোৱা হয় । চৰকাৰী পক্ষয়ো এনে আচৰণত সমানে অৰিহণা আগবঢ়াই আহিছে । চৰকাৰে নিজৰ বাবে সুবিধাজনক বুলি নভবা বিষয়সমূহৰ বিভিন্ন কৌশল আনকি বল প্ৰয়োগ কৰি হ’লেও উত্থাপনৰ পৰা বাধাদান কৰাটোৱে নিয়মত পৰিণত হৈছে ।
ৰাজহুৱা স্বাৰ্থজড়িত বিষয় এটা সুস্থ আলোচনাৰ জৰিয়তে মীমাংসাৰ দিশলৈ অনাৰ পৰিৱৰ্তে অবাঞ্ছিত উপায়েৰে তাক উত্থাপনত বাধাদান কৰাতহে শাসক পক্ষই যুদ্ধ জয়ৰ সোৱাদ অনুভৱ কৰা হ’ল ।
অৱশ্যে ২০১০ত দেশৰ ইতিহাসৰ আটাইতকৈ কম উৎপাদনশীল সংসদৰ অধিবেশন অনুষ্ঠিত হ’বলৈ বাধ্য কৰা বিজেপিয়ে ২০১৪ত কেন্দ্ৰত ক্ষমতা দখলৰ পাছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সততে সংসদৰ কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন হোৱাৰ পোষকতা কৰি আহিছে ।
নিজৰ দলৰে সাংসদসকলৰ অধিবেশনৰ কাৰ্যসূচীত অংশগ্ৰহণত অনীহাক লৈ একাধিকবাৰ গভীৰ অসন্তুষ্টি প্ৰকাশ কৰাতে ক্ষান্ত নাথাকি সকীয়নিও প্ৰদান কৰিছে । অৱশ্যে স্বয়ং প্ৰধানমন্ত্ৰীৰ এনে অসন্তুষ্টি তথা সকীয়নিয়েও বিশেষ সুফল দিয়া নাই ।
একেদৰে মন্ত্ৰীসভাৰ অধিকাংশ সদস্যই সংসদৰ কাম-কাজত বাধাদান কৰা বুলি বিৰোধীক সততে সমালোচনা কৰি আহিছে । সংসদ-বিধানসভা আদিৰ প্ৰতি স্বয়ং ইয়াৰ সদস্যসকলৰে আগ্ৰহ হ্ৰাস পোৱাটো উদ্বেগজনক ।
চৰকাৰৰ মন্ত্ৰীসকলেও সংসদ অথবা বিধানসভাক সৰ্বোচ্চ গুৰুত্ব দিয়াৰ যে প্ৰয়োজন অনুভৱ নকৰে, সেয়া জৰুৰী বিষয়সমূহক লৈ তেওঁলোকৰ অৱহেলাসূচক মনোভাৱতে প্ৰকাশ পায় । প্ৰশ্নোত্তৰক লৈও এতিয়া আৰু যথোচিত গুৰুত্ব প্ৰদান কৰা নহয় ।
সেইবাবেই বহু সময়ত গুৰুত্বপৰ্ণ বিষয়তো অশুদ্ধ, অসম্পূৰ্ণ উত্তৰ প্ৰদান কৰা পৰিলক্ষিত হয় । বিৰোধীৰ অৱস্থিতিকে নাকচ কৰা এক পৰিকল্পিত অপচেষ্টাৰ বাবেই যে চৰকাৰী পক্ষই এনে আচৰণ কৰে, তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন ।
সংসদৰ এতিয়াও কিছু মৰ্যাদা অৱশিষ্ট থাকিলেও বিধানসভাৰ অৱস্থা অধিক শোচনীয় । অসম বিধানসভাৰ বিগত তিনি দশকৰ কাৰ্যকলাপলৈ লক্ষ্য কৰিলেই এই কথা স্পষ্ট হৈ পৰে । বহু সময়ত অধিকাংশ মন্ত্ৰী-বিধায়কৰ মুখৰ ভাষা তথা আচৰণলৈ লক্ষ্য কৰিলে সেয়া পৱিত্ৰ বিধানসভা নে গলিৰ আড্ডাস্থলী বুজিবলৈকে টান হয় ।
জনপ্ৰতিনিধিসকলৰ কাৰ্যকলাপে সকলো মান-মৰ্যাদা-পৰম্পৰা ধ্বংস কৰি পেলাইছে । পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে কিছুমান ছবিত যেনেদৰে ‘এ’ লিখি প্ৰাপ্তবয়স্কৰ বাবেহে বুলি নিৰ্ধাৰণ কৰি দিয়া হয়, তেনেদৰেই বিধানসভাৰ অধিবেশনকো চিহ্নিত কৰাৰ প্ৰয়োজন ।
সত্যৰ পৰিৱৰ্তে দলীয় স্বাৰ্থজড়িত মিথ্যাৰ প্ৰতিষ্ঠা কৰাটোৱে যেন বিধানসভাৰ মূল লক্ষ্য হৈ পৰিছে । চৰকাৰৰ এজেণ্ডা আৰু একাংশ প্ৰভাৱশালী মন্ত্ৰীৰ ইচ্ছানুসৰি বিত্তীয় অনুমোদনৰ বাবেহে যেন বিধানসভাৰ প্ৰয়োজনীয়তাৰ অৱশিষ্টখিনি ৰৈছে; অন্যথা ইয়াৰ অধিবেশন অনুষ্ঠিত নহ’লেও প্ৰতিনিধিসকলৰ মূৰৰ কামোৰণি নাথাকে ।
জনসাধাৰণৰ কষ্টোপাৰ্জিত ধনৰ এনেদৰে অপব্যয় কৰাৰ সলনি দেশৰ বাবে গঠনমূলক কাৰ্যসূচী নিৰ্ধাৰণত মনোনিৱেশ কৰাটোহে যে বাঞ্ছনীয় তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন ।