Jio 5G :
ৰিলায়েঞ্চ জিঅ’ই মঙলবাৰে পুনৰ দেশৰ ৫০ খন নতুন চহৰত প্ৰতিষ্ঠানটোৰ ৫ জি ম’বাইল ইণ্টাৰনেট সেৱা মুকলি কৰিলে। নতুনকৈ ৫০ চহৰত এই সেৱা প্ৰৱৰ্তনৰ ফলত ভাৰতত ৰিলায়েঞ্চ জিঅ’ৰ-৫জি সেৱাৰ সম্প্ৰসাৰণ দেশৰ ১৭ ৰাজ্যত ১৮৪ চহৰলৈ হ’ল।
ADVERTISEMENT
জিঅ’ই ঘোষণা কৰা অনুসৰি ডিচেম্বৰ ২০২৩ লৈকে ভাৰতৰ সকলো চহৰতে ৫-জি সেৱাৰ প্ৰৱৰ্তন সম্পূর্ণ হ’ব। সম্প্ৰতি ভাৰতত ৰিলায়েঞ্চ জিঅ’ৰ ৪২.১৩ কোটি গ্রাহক আছে।
দেশৰ টেলিক’ম বজাৰত ৰিলায়েঞ্চ জিঅ’ৰ শ্বেয়াৰ ৩৬.৬৬ শতাংশৰ পৰা বৰ্তমানে ৩৬.৮৫
শতাংশলৈ বৃদ্ধি পালে।