kolija aita passed away :
সকলোকে এৰি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে সকলোৰে মৰমৰ কলিজা আইতাই। বিগত কেবাদিনো ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন অৱস্থাতে আজি পুৱা ব প্ৰায় ১০-৩০ বজাত ইহলীলা সম্বৰণ কৰে ৷
১০৭ বছৰ গৰকা কলিজা আইতাৰ প্ৰকৃত নাম শুভ্ৰদা দেৱী। চাৰিজনকৈ পুত্ৰ সন্তানৰ মাতৃ আইতাই বৰপুত্ৰ মৃত্যুৰ পাছতে নিজ বাসগৃহ ত্যাগ কৰি আশ্ৰয় লয় প্ৰথমে মাডাৰ অল্ড এজ হোমত ৷
অৱশ্যে মৃত্যুৰ সময়লৈকে কলিজা আইতা আবাসী হৈ আছিল প্ৰমোদ তালুকদাৰৰ অল্ড এজ হোমৰ ৷ ৮৭বছৰীয়া কনিষ্ঠ পুত্ৰৰ বাহিৰে ইতিমধ্যে আইতাৰ তিনিজন পুত্ৰৰে মৃত্যু হৈছিল ৷
উল্লেখ্য যে ,কলিজা আইতা জি এম চি এইছত চিকিৎসাধীন হৈ থকা অৱস্থাত ৮৭ বছৰীয়া কনিষ্ঠ পুত্ৰই মাতৃৰ স্বাস্থ্যৰ বুজ লৈ আবেগিক হৈ পৰিছিল ৷
প্ৰমোদ তালুকদাৰৰ অল্ড এজ হোমত থকা কলিজা আইতা সকলোৰে মাজতে জনপ্ৰিয় হৈ পৰিছিল ৷সকলোৰে আইতাৰ হাঁহিমুখীয়া কথাবাৰ্তা আৰু ৰসাল মাতে সকলোকে আপ্লুত কৰি তুলিছিল৷আইতাক লগ পাবলৈ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায়ে আহে অলেখ গুণমুগ্ধ।
দেশৰ স্বাধীনতা আন্দোলনৰ অক্লান্ত যোদ্ধা আছিল কলিজা আইতা ৷উল্লেখ্য যে, বাদ্ধক্যজনিত কাৰণত মৃত্যু হোৱা আইতাৰ যতন লৈছিল প্ৰমোদ তালুকদাৰ বৃদ্ধাশ্ৰমৰ অন্যতম কৰ্ণধাৰ উৎপল হৰ্ষবৰ্ধনে ৷ আইতাৰ মহাপ্ৰয়াণত শোকাভিভূত হৈ পৰিছে প্ৰমোদ তালুকদাৰ বৃদ্ধাশ্ৰমৰ আবাসী সহ ৰাজ্যবাসী ৷