Rabiram Narzary :গুৰুফেলাৰ ১ নং পানবাৰী গাওঁত অগ্নিকাণ্ডত সৰ্বস্ব হেৰুওৱা পৰিয়ালৰ কাষত বিধায়ক ৰবিৰাম নাৰ্জাৰী

WhatsApp Image 2023 02 07 at 2.12.01 PM 1

Rabiram Narzary :

গোসাঁইগাঁও মহকুমাৰ গুৰুফেলা আৰক্ষী চকীৰ ১ নম্বৰ পানবাৰী গাঁৱত শুক্ৰবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

নিশা টোপনিত লালকাল হৈ থকা সময়ত হঠাৎ জুই লাগি ধৰে ঘৰত। নিমিষতে নিঃশেষ হৈ যায় এটা পৰিয়ালৰ ঘৰ, সম্পত্তি, নথি পত্ৰ আৰু অন্যান্য সামগ্ৰী

গাঁওখনৰ বাসিন্দা শৈলেন ৰায়ৰ দুই সন্তান আৰু পত্নীক ৰাইজে বেৰ কাটি কোনোমতে ৰক্ষা কৰে। অগ্নিকাণ্ডত সৰ্বস্ব হেৰুৱাই আনৰ গৃহত আশ্ৰয় লৈ থকা দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিলে বিধায়ক ৰবিৰাম নাজাৰী।

বিধায়ক গৰাকীয়ে দৰিদ্ৰ পৰিয়ালৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ তৎকালীনভাৱে আহতৰ চিকিৎসা আৰু থকাৰ ব্যৱস্থা কৰিবলৈ নিজৰ দৰমহা পৰা আৰ্থিক সাহায্য প্ৰদান কৰে।

Exit mobile version