Arunachal Police Seize Arms And Ammunition Of Militant Outfits : চাংলাঙৰ এন এন জি’ বিদ্ৰোহীৰ ঘাটিত অৰুণাচল আৰক্ষীৰ অভিযান

ba969fd7 163e 4c92 82c3 de2f62391c5f

Arunachal Police Seize Arms And Ammunition Of Militant Outfits :

অৰুণাচল প্ৰদেশ আৰক্ষীয়ে বৃহস্পতিবাৰে এক গোপন সূত্ৰৰ পম খেদি উগ্ৰপন্থী অধ্যুষিত চাংলঙত চলোৱা এক অভিযানত এন এন জি উগ্ৰপন্থী সংগঠনৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ৷লগতে উৎখাত কৰে বিদ্ৰোহী সংগঠনটিৰ ব্যৱহ্ত এটা শিৱিৰ ৷

প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা ভাগত অৰুণাচল প্ৰদেশ আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে চাংলাং আৰক্ষীৰ সহযোগত চাংলাং জিলাৰ ৰিমা পুটক ৰাজহ চক্ৰৰ ম্যানমাৰ সীমান্তৱৰ্তী লুংপাং নামৰ দুৰ্গম পাৰ্বত্য অঞ্চলটোত অৰ্তকিতে অভিযান চলাই ৷

অভিযানত এন এন জি উগ্ৰপন্থী সংগঠনৰ পৰিত্যক্ত শিৱিৰৰ এটাৰ পৰা এটা একে ৪৭ ৰাইফল, এটা এম ১৬ ৰাইফল, এটা হেণ্ড গ্ৰেণেড, চাৰিটা এ কে ৪৭ ৰ মেগজিন, এটা ৱায়াৰলেচ ছেট, আৰু নথি-পত্ৰ উদ্ধাৰ কৰে যদিও উগ্ৰপন্থী দলটোক আটক কৰিবলৈ সক্ষম নহ’ল ৷

আৰক্ষীৰ অভিযানৰ মাজতে অতি কৌশলৰে ঘন অৰণ্যৰ অচিলা লৈ পলায়ন কৰে ৷ আৰক্ষীয়ে সন্দেহ কৰা মতে শিৱিৰটোত পাঁচজন বিদ্ৰোহী বাহৰ পাতি আছিল ৷

উল্লেখ্য যে অভিযানত নেতৃত্ব দিছিল অৰুণাচল আৰক্ষীৰ এছ টি এফৰ এছ পি ৰোহিত ৰাজবীৰ আৰু চাংলাং জিলাৰ এছ পি মিহিৰ গম্বুৱে ৷ অৰুণাচল আৰক্ষীয়ে এন এন জি উগ্ৰপন্থী সংগঠনৰ শিৱিৰটোৰ পৰা অস্ত্ৰ-শস্ত্ৰ জব্দ কৰাৰ পাছতে জ্বলাই দিয়ে ৷

Exit mobile version